লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত অসমত মুঠ ৪৭গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা

অসমত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত মুঠ ৪৭ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব । এই পৰ্যায়ত ৪ খন আসনৰ বাবে নির্বাচন অনুষ্ঠিত হ’ব। কালি ৫ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে। মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তত কোকৰাঝাৰ সংসদীয় সমষ্টিৰ পৰা ১২ গৰাকী, বৰপেটাৰ পৰা ১৪ গৰাকী, ধুবুৰীৰ পৰা ১৩ গৰাকী আৰু গুৱাহাটীৰ পৰা মুঠ ৮ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। এন ডি এ আৰু কংগ্ৰেছ দলে আটাইকেইখন আসনতে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। গুৱাহাটী আসনখনৰ বাবে বিজেপি আৰু কংগ্ৰেছ দুয়োটা দলেই মহিলা প্ৰাৰ্থীক প্ৰক্ষেপ কৰিছে। বিজেপিৰ মিত্ৰজোঁট অসম গণ পৰিষদে বৰপেটা সমষ্টিৰ পৰা প্রতিদ্বন্দ্বিতাৰ কৰাৰ বিপৰীতে ইউ পি পি এলে কোকৰাঝাৰত নিজৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। বড়োলেণ্ড পিপলছ ফ্ৰণ্ট আৰু চি পি আই এম দলেও অসমত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে।

অধিক পঢ়ক

সকলো চাওক