তৃতীয় পৰ্যায়ত ৭ মে’ত দেশৰ ১০ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ ৯৩ খন আসনৰ বাবে ভোটগ্ৰহণ

♦ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। এই পৰ্যায়ত অহা ৭ মে’ত দেশৰ ১০ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ ৯৩ খন আসনৰ বাবে ভোটগ্ৰহণ কৰা হ’ব। পূর্বে এইটো পৰ্যায়ত মুঠ ৯৪টা সংসদীয় সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰাৰ কথা আছিল যদিও মধ্যপ্ৰদেশৰ বেটুল লোকসভা সমষ্টিৰ ভোটগ্রহণ দ্বিতীয় পৰ্যায়ৰ পৰা তৃতীয় পৰ্যায়লৈ পিছুৱাই দিয়া হয়। আনহাতে গুজৰাটৰ চুৰাট সংসদীয় সমষ্টিৰ বিজেপি প্রার্থীজন বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাৰ বিপৰীতে জম্মু আৰু কাশ্মীৰৰ অনন্তনাগ-ৰাজৌৰী সংসদীয় সমষ্টিৰ ভোটগ্ৰহণৰ তাৰিখৰ সালসলনি ঘটোৱাৰ পৰিপ্ৰেক্ষিতত তৃতীয় পৰ্যায়ত ভোটগ্রহণ হ’বলগীয়া সমষ্টিৰ সংখ্যা ৯৩ লৈ হ্ৰাস পায়। এইটো পৰ্যায়ত গুজৰাটৰ ২৫টা, কৰ্ণাটকৰ ১৪টা, মহাৰাষ্ট্ৰ ১১টা আৰু উত্তৰ প্ৰদেশৰ ১০টা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ’ব। একেদৰে মধ্যপ্ৰদেশৰ ৯টা, চত্তিশগড়ৰ ৭টা, বিহাৰৰ ৫টা, অসম আৰু পশ্চিমবংগ উভয়ৰে ৪টাকৈ আৰু গোৱা, দাদ্ৰা আৰু নগৰ হাৱেলী আৰু দমন আৰু ডিউৰ দুটাকৈ সংসদীয় সমষ্টিৰ বাবেও এইটো পৰ্যায়তে নির্বাচন অনুষ্ঠিত হ’ব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি গুজৰাটৰ আনন্দ, সুৰেন্দ্ৰনগৰ, জুনাগড় আৰু জামনগৰত চাৰিখন নির্বাচনী সভাত ভাগ ল’ব। আনহাতে, কংগ্ৰেছ নেতা তথা ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্রী অশোক গেহলটে আজি আহমেদাবাদত সংবাদ মেল সম্বোধন কৰিব। ইপিনে, আম আদমী পাৰ্টী নেত্ৰী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱালে আজি ভাৱনগৰ আৰু ভৰুচৰ আম আদমী পাৰ্টীৰ প্ৰাৰ্থীৰ হকে বোটাডত এটা ৰোড শ্বত ভাগ ল’ব।

অধিক পঢ়ক

সকলো চাওক