লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰচাৰ অভিযানৰ কালি সামৰণি পৰে

♦ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰচাৰ অভিযানৰ কালি সামৰণি পৰে। প্ৰচাৰ অভিযানৰ অন্তিম দিনা বিভিন্ন ৰাজনৈতিক দলে নিজ নিজ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত বিভিন্ন ধৰণেৰে প্ৰচাৰ চলাই জনসাধাৰণৰ মন জয় কৰাৰ চেষ্টা কৰে। উল্লেখযোগ্য যে ৰাজ্যত তৃতীয় পৰ্যায়ত কাইলৈ হ’বলগীয়া নিৰ্বাচনত ৪৭ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াব। ইয়াৰ ভিতৰত ছগৰাকী মহিলা প্রার্থী আছে। আনহাতে, এইটো পৰ্যায়ত ৯,৫১৬ টা ভোটগ্রহণ কেন্দ্ৰত ৮১ লাখৰো অধিক ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিব ।

Read More:

ইয়াৰ ভিতৰত ৪১ লাখৰো অধিক পুৰুষ, ৪০ লাখৰো অধিক মহিলা আৰু ১১১ গৰাকী তৃতীয় লিংগৰ ভোটদাতা আছে। নিৰ্বাচনৰ ভোটগ্রহণ হ’বলগীয়া কেন্দ্ৰসমূহত প্ৰশাসনে নিৰাপত্তা ব্যৱস্থাকে ধৰি প্ৰয়োজনীয় সকলো প্রস্তুতি প্রায় সম্পূৰ্ণ কৰিছে। ৫০ শতাংশ ভোটকেন্দ্ৰত ৱেব কাষ্টিঙৰ ব্যৱস্থা কৰা হ’ব। আনহাতে, ভোটকেন্দ্ৰসমূহত জ্যেষ্ঠ নাগৰিক, প্ৰসূতি মাতৃ আৰু দিব্যাংগসকলক ভোটদানত সুবিধা কৰি দিয়াৰ দিহা কৰা হ’ব। তদুপৰি প্ৰতিটো ভোটকেন্দ্ৰতে খোৱাপানী, বিদ্যুৎ যোগান, শৌচাগাৰ, প্ৰসূতি মাতৃৰ বাবে সন্তানক দুগ্ধপান কৰোৱাৰ কক্ষ আদি ৰখাৰ দিহা কৰা হ’ব। দূৰণিবটীয়া আৰু যাতায়তৰ ক্ষেত্ৰত দুৰ্গম অঞ্চলসমূহৰ ভোটগ্রহণ কেন্দ্ৰত নির্বাচনী দায়িত্বত নিয়োজিত বিষয়া-কৰ্মচাৰীৰ দল ইতিমধ্যে উপস্থিত হৈছে। নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত চাৰিটা সমষ্টিৰ অন্তৰ্গত জিলাকেইখনত ফৌজদাৰী বিধিৰ ১৪৪ ধাৰা জাৰি কৰাৰ লগতে সুৰা নিষিদ্ধ ঘোষণা কৰা হৈছে। তদুপৰি কাইলৈ অৰ্থাৎ ভোটগ্ৰহণৰ দিনা জিলাকেইখনত দৰমহাসহ ছুটিৰ দিন ঘোষণা কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক