তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনী প্ৰচাৰ ক্ৰমাৎ তীব্ৰতৰ

◊ তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাজত মাথোঁ এটা দিন বাকী থকা অৱস্থাত সকলো ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। ৰাজনৈতিক দলৰ নেতৃবৰ্গই ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী সভা আৰু ৰোড শ্বত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। প্ৰধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ দভংগাত বিজেপিৰ প্ৰাৰ্থী গোপালজী ঠাকুৰৰ সমৰ্থনত এখন জনসভাক সম্বোধন কৰিব।

একেদৰে বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহ, কংগ্ৰেছ দলৰ নেত্ৰী প্ৰিয়ংকা গান্ধী আৰু আম আদমী পাৰ্টীৰ নেতা ভগৱন্ত মানে আজি গুজৰাটত প্ৰচাৰ চলাব। শ্ৰীশ্বাহে দলীয় প্ৰাৰ্থীৰ হকে ছোটা উদয়পুৰ, ৱলছাদ তথা দমন আৰু ডিউত প্ৰচাৰ অভিযানত ভাগ ল’ব। কংগ্ৰেছ নেত্রী প্রিয়ংকা গান্ধীয়ে বানাছকান্থাত এখন নির্বাচনী সভা সম্বোধন কৰিব। আম আদমী পাৰ্টীৰ নেতা তথা পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানেও আজি ৰাজ্যখনত প্ৰচাৰ চলোৱাৰ কথা আছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঝাৰখণ্ডৰ ছাইবাচা আৰু পশ্চিম ছিংভূম জিলাত নির্বাচনী সভাক সম্বোধন কৰে। ভাষণ প্ৰসংগত শ্রীমোদীয়ে আই এন ডি আই মিত্ৰজোঁটৰ অংশীদাৰ দলসমূহক তীব্র সমালোচনা কৰে। সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱেও কালি উত্তৰ প্ৰদেশৰ মেইনপুৰী আৰু কণৌজত প্ৰচাৰ চলায়। ইফালে আম আদমী পাৰ্টী আৰু কংগ্ৰেছ কালি নতুন দিল্লীত আই এন ডি আই মিত্ৰজোঁটৰ সমন্বয় কমিটীৰ বৈঠকত মিলিত হয়। দল দুটাই ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ সমন্বয়ৰ বিষয় লৈ আলোচনা কৰে। ইপিনে, বিজেপিৰ জেষ্ঠ নেতা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কালি নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে গোৱাৰ মাপুছাত এখন নির্বাচনী সভাক সম্বোধন কৰে। তেওঁ কয় যে, দেশে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত ১০ বছৰ ধৰি কেন্দ্ৰত এখন শক্তিশালী চৰকাৰ লাভ কৰিছে। তেওঁ কয় যে, বর্তমান চৰকাৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। অনাগত দুবছৰত গোৱাত খনন উদ্যোগৰ কাম পুনৰ আৰম্ভ হ’ব বুলি বিজেপি নেতাগৰাকীয়ে আশ্বাস দিয়ে। তেওঁ লগতে সঠিক নেতৃত্বৰ অভাৱৰ বাবে আই এন ডি আই মিত্রজোঁটক তীব্র সমালোচনা কৰে।

Image

Read More News : 

ইফালে, বিজেপিৰ নেতা তথা কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কালি হাৰিয়ানাৰ ৰোহটকত দলীয় প্ৰাৰ্থীৰ হকে প্ৰচাৰ চলায়। তেওঁ কয় যে, কংগ্ৰেছে ধৰ্মৰ নামত দেশক বিভাজিত কৰিব খোজে তেওঁ কয় যে, বিজেপিয়ে ধৰ্ম অথবা জাতিৰ ৰাজনীতিত বিশ্বাস নকৰে। মন্ত্ৰীগৰাকীয়ে কয় যে, স্বাধীনতাৰ লাভৰ পাছত জাতিৰ পিতা মহাত্মা গান্ধীয়ে কংগ্ৰেছ ভংগ কৰা উচিত বুলি মন্তব্য কৰিছিল যদিও কংগ্ৰেছৰ সদস্যসকলে সেই কথা নাৰাখিলে। মহাত্মা গান্ধীৰ ইচ্ছা পূৰণৰ বাবে আগবাঢ়ি আহিবলৈ তেওঁ জনসাধাৰণৰ প্রতি আহ্বান জনায়।

Image
ইপিনে, কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কালি বিয়লি পুনেৰ এখন নির্বাচনী সভাত অংশ লৈ কয় যে, কংগ্ৰেছ দলে কেতিয়াও সংবিধান ধ্বংস কৰিব নিদিয়ে। তেওঁ লগতে বিজেপি, আৰ এছ এছৰ নেতাসকলে সংবিধান সলনি কৰাৰ কথা ক’বলৈ লোৱা বুলি অভিযোগ তোলে। তেওঁ কয় যে, আই এম ডি আইৰ মিত্রজোঁটে সংবিধান ৰক্ষাৰ হকে কাম কৰি আছে আৰু জনসাধাৰণ এই বিষয়ে অৱগত। তেওঁ লগতে কংগ্ৰেছ দল ক্ষমতালৈ আহিলে সংৰক্ষণৰ সীমা বৃদ্ধি কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে। দেশৰ সাম্প্ৰতিক পৰিস্থিতি সম্পর্কে মন্তব্য কৰি শ্ৰীগান্ধীয়ে কয় যে, খেতি পথাৰত পানী নোহাৱা হৈছে আৰু মুদ্রাস্ফীতি ক্ৰমাৎ বৃদ্ধি পাইছে। নির্বাচনী বণ্ডৰ নামত কোটি কোটি টকাৰ দুৰ্নীতি হোৱা বুলি অভিযোগ তুলি কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে, সংবাদ মাধ্যমে এই সন্দৰ্ভত এটা শব্দও উচ্চাৰণ কৰা নাছিল যদিও উচ্চতম ন্যায়ালয়ে অৱশেষত এই বণ্ড বন্ধ কৰাৰ নিৰ্দেশ দিছে।

Image
আনহাতে, কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে কালি ফোটেহপুৰ ছিক্ৰি সংসদীয় সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰামনাথৰ সপক্ষে ফোটেহাবাদ এলেকাত এটা ৰোড শ্বত ভাগ লয়। এই উপলক্ষে এটা সমাৱেশত সম্বোধন কৰি শ্ৰীমতী গান্ধীয়ে কৰ্ম সংস্থাপন হীনতাৰ বিষয়টো উত্থাপন কৰে। তেওঁ কয় যে, কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ ৩০ লাখ পদ খালী হৈ আছে যদিও সেইসমূহ পূৰণ কৰা হোৱা নাই ।
তৃতীয় পৰ্যায়ত অহা ৭ মে’ত অসমকে ধৰি দেশৰ ১০ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ ৯৩ খন আসনৰ বাবে ভোটগ্রহণ কৰা হ’ব। পূর্বে এইটো পৰ্যায়ত মুঠ ৯৪টা সংসদীয় সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰাৰ কথা আছিল যদিও মধ্যপ্ৰদেশৰ বেটুল লোকসভা সমষ্টিৰ ভোটগ্রহণ দ্বিতীয় পৰ্যায়ৰ পৰা তৃতীয় পৰ্যায়লৈ পিছুৱাই দিয়া হয়। আনহাতে, গুজৰাটৰ চুৰাট সংসদীয় সমষ্টিৰ বিজেপি প্রার্থীজন বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাৰ বিপৰীতে জম্মু আৰু কাশ্মীৰৰ অনন্তনাগ-ৰাজৌৰী সংসদীয় সমষ্টিৰ ভোটগ্ৰহণৰ তাৰিখৰ সালসলনি ঘটোৱাৰ পৰিপ্ৰেক্ষিতত তৃতীয় পৰ্যায়ত ভোটগ্রহণ হ’বলগীয়া সমষ্টিৰ সংখ্যা ৯৩ লৈ হ্ৰাস পায়। এই পৰ্যায়ত গুজৰাটৰ ২৫টা, কৰ্ণাটকৰ ১৪টা, মহাৰাষ্ট্ৰ ১১টা আৰু উত্তৰ প্ৰদেশৰ ১০টা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ’ব। একেদৰে মধ্যপ্ৰদেশৰ ৯টা, ছট্টিশগড়ৰ ৭টা, বিহাৰৰ ৫টা, অসম আৰু পশ্চিমবংগ উভয়ৰে ৪টাকৈ আৰু গোৱা, দাদা আৰু নগৰ হাৱেলী আৰু দমন আৰু ডিউৰ দুটাকৈ সংসদীয় সমষ্টিৰ বাবেও এইটো পৰ্যায়তে নির্বাচন অনুষ্ঠিত হ’ব।

অধিক পঢ়ক

সকলো চাওক