ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্যত ২০০৮ চনৰ ৩০ অক্টোবৰত সংঘটিত উগ্ৰপন্থীৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ আজি ১৬ বছৰ, গণেশগুৰিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

অসমত ২০০৮ চনৰ ৩০ অক্টোবৰত সংঘটিত উগ্ৰপন্থীৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনাৰ আজি ১৬ বছৰ সম্পূৰ্ণ হৈছে। গুৱাহাটী, কোকৰাঝাৰ, বঙাইগাঁও আৰু বৰপেটা ৰোডত সংঘটিত বোমা বিস্ফোৰণত বহু লোকে প্রাণ হেৰুৱাইছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উগ্ৰপন্থীৰ দ্বাৰা সংঘটিত ধাৰাবাহিক বোমা বিস্ফোৰণত প্ৰাণ হেৰুওৱা লোকসকললৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছে। সদৌ অসম ছাত্ৰ সন্থাই আজি ৰাজ্যজুৰি বোমা বিস্ফোৰণত নিহত সকললৈ বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে। মহানগৰীৰ গণেশগুৰিত মৃত্যু হোৱা লোকসকললৈ শ্ৰদ্ধাঞ্জলি জনাই বন্তি প্ৰজ্বলন কৰা হয় ৷

অধিক পঢ়ক

সকলো চাওক