দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হ’ব

দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হ’ব। জম্মু-কাশ্মীৰত কাইলৈ মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ’ব। উল্লেখযোগ্য যে, দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ কালি আছিল অন্তিম দিন। অহা ২৬ মাৰ্চত আউটাৰ মণিপুৰ লোকসভা সমষ্টিৰ বাকী থকা অংশ তথা ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৮৮ খন লোকসভা আসনৰ বাবে দ্বিতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। কেৰালাৰ ১২ খন, কৰ্ণাটকৰ ১৪ খন, ৰাজস্থানৰ ১৩ খন, মধ্যপ্ৰদেশত ৭ খন আসনৰ উপৰি উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰত ৮ খনকৈ আসন, অসম আৰু বিহাৰত ৫ খনকৈ, পশ্চিম বংগ আৰু ছত্তিশগড়ত ৩ খনকৈ তথা মণিপুৰ, ত্ৰিপুৰা আৰু জম্মু-কাশ্মীৰত এখনকৈ আসনৰ বাবে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোটগ্ৰহণ কৰা হ’ব। জম্মু-কাশ্মীৰকে ধৰি দ্বিতীয় পৰ্যায়ত ভোটগ্রহণ হ’বলগীয়া ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰাৰ্থীসকলৰ বাবে সোমবাৰ হৈছে প্ৰাৰ্থীত্ব প্ৰত্যাহাৰৰ অন্তিম দিন।

অধিক পঢ়ক

সকলো চাওক