দ্বিতীয় পর্যায়ৰ লোকসভা নিৰ্বাচন স্বচ্ছ আৰু নিয়াৰিকৈ পৰিচালনাৰ বাবে নিৰ্বাচন আয়োগৰ বিশেষ তৎপৰতা

দ্বিতীয় পর্যায়তো লোকসভা নিৰ্বাচন স্বচ্ছ আৰু নিয়াৰিকৈ পৰিচালনাৰ বাবে নিৰ্বাচন আয়োগে বিশেষ তৎপৰতা গ্ৰহণ কৰিছে। এই অনুসৰি প্ৰতিটো ভোটগ্রহণ কেন্দ্ৰত ভোটদাতাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ভোটগ্রহণ প্রক্রিয়া সূচাৰুৰূপে সম্পন্ন কৰিবলৈ আয়োগে নিৰাপত্তা আৰু অন্যান্য দিশসমূহো সুক্ষ্মভাৱে তদাৰক কৰি আছে। নিৰ্বাচনত স্পৰ্শকাতৰ হিচাপে বিবেচিত হবলগীয়া ভোটকেন্দ্ৰসমূহত ৱেৱকাষ্টিঙৰ ব্যৱস্থা কৰাৰ লগতে কেন্দ্ৰৰ ভিতৰে বাহিৰে চি এ পি এফ অর্থাৎ কেন্দ্রীয় সশস্ত্র আৰক্ষী বাহিনী নিয়োগ কৰা হব। তদুপৰি ই ভি এম সমূহ অনা নিয়া কৰা বাহনসমূহত জিপিএছ সংলগ্ন কৰি ৰখা হ’ব। প্ৰায় ২০ হাজাৰখন বাহনত জিপিএছ ট্ৰেকিঙৰ ব্যৱস্থা থাকিব। ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে এই বিষয়ে প্রকাশ কৰিছে। আন্তৰাষ্ট্ৰীয় সীমান্তসমূহত জনসাধাৰণৰ আহ-যাহৰ ক্ষেত্ৰত চোকা দৃষ্টি ৰখা হৈছে। এইবাৰ ভোটকেন্দ্ৰসমূহত দৃষ্টিহীন লোকসকলৰ বাবে ব্রেইল পদ্ধতিৰে ভোটদানৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি জ্যেষ্ঠ নাগৰিক, সন্তানসম্ভৱা আৰু দিব্যাংগসকলক অপেক্ষা নকৰাকৈ ভোটদানৰ সুবিধা প্ৰদান কৰা হব। আনহাতে, ৮৫ বছৰ উৰ্ধৰ জ্যেষ্ঠ নাগৰিক আৰু শাৰিৰীক প্ৰতিবন্ধকতা থকা লোকসকলক তেওঁলোকৰ ইচ্ছা অনুসাৰে নিজৰ বাসগৃহৰ পৰা ভোটদানৰ সুবিধা ইতিমধ্যে দিয়া হৈছে। ইপিনে, ৰাজ্যখনত নির্বাচন প্ৰযুক্তিৰ সহায়ত পৰিচালনাৰ বাবে আয়োগে ভালেমান অত্যাধুনিক ব্যৱস্থা গ্ৰহণ কৰিছে। ভোটদাতাৰ তালিকা প্রস্তুত কৰাৰ বাবে ইৰোনেট নামৰ ছফটৱেৰ ব্যৱহাৰৰ উপৰি ৰাজ্যখনত নিৰ্বাচন আচৰণবিধি উলংঘাৰ ঘটনা পৰিলক্ষিত হোৱা মাত্রেই নির্বাচন আয়োগক অৱগত কৰিবলৈ চি ভিজিল এপ জনসাধাৰণৰ বাবে মুকলি কৰা হৈছে। এই এপত পঞ্জীয়ন হোৱা ৯০ শতাংশ গোচৰ লাভ কৰাৰ এশ মিনিটৰ ভিতৰত নিষ্পত্তি কৰা হৈছে। ৰাজ্যখনত ৪ লাখ ৩৫ হাজাৰ নতুন ভোটদাতা আছে আৰু তেওঁলোকক সর্বোত্তম গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰাৰ বাবে উৎসাহিত কৰিবলৈ ভালেমান সজাগতামূলক কার্যসূচী লোৱা হৈছে। ভোটদান সৰ্বাত্মক কৰি তোলাৰ বাবে ছুইপ কাৰ্যসূচীৰ অধীনত জিলা প্ৰশাসনসমূহে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। আনহাতে, এইবাৰ নিৰ্বাচনত নিয়োজিত হবলগীয়া কৰ্মচাৰীসকলে নিৰ্বাচনৰ দিনটোৰ বাবে মৰগীয়া বানচ লাভ কৰাৰ উপৰি পৰিবহনৰ সুবিধা আৰু থকা খোৱাৰ ব্যৱস্থা লাভ কৰিব। ইপিনে, নির্বাচনী দায়িত্বত নিয়োজিত ব্যক্তি অসুস্থ হলে তেওঁলোকক আয়ুষ্মান ভাৰত জন আৰোগ্য যোজনাৰ অধীনত বিনামুলীয়া চিকিৎসা সেৱা প্ৰদান কৰা হ’ব। নির্বাচনী দায়িত্বত নিয়োজিত কোনো ব্যক্তিৰ দুৰ্ঘটনাগ্ৰস্ত হ’লে বা তেওঁলোকৰ প্রাণহানি হলেও তৎকালিনভাৱে পৰিয়ালক সাহায্য দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলি মুখ্য নির্বাচনী বিষয়াগৰাকীয়ে প্ৰকাশ কৰে। ইফালে, নিৰ্বাচনৰ সময়ত নিৰাপত্তাৰ দিশটোত বিশেষভাৱে দৃষ্টি ৰখা হৈছে। আন্তঃৰাজ্যিক তথা আন্তৰাষ্ট্ৰীয় সীমান্তসমূহত সম্ভাৱ্য কুটাঘাটমূলক কার্যকলাপ প্ৰতিৰোধ কৰিবলৈ কঠোৰ পদক্ষেপ লোৱা হৈছে। বাক্সা জিলাৰ ভাৰত ভূটান সীমান্ততো এনে ধৰণৰ নিৰাপত্তাজনিত ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক