বৰ্তমানলৈকে দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যত ২৪ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল

♦ ৰাজ্যত ২৬ এপ্ৰিলত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে আজি দেশৰ বিভিন্ন প্ৰান্তত কেইবাগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজি ৱায়নাড সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰে। ইফালে, ৰাজ্যখনত আজি পুনৰ ১৩ গৰাকী প্রার্থীয়ে মনোনয়ন দাখিল কৰিছে। ইয়াকে লৈ এই পর্যন্ত দ্বিতীয় পৰ্যায়ৰ বাবে ২৪ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। বিজেপিৰ কৰিমগঞ্জ সমষ্টিৰ প্ৰাৰ্থী কৃপানাথ মল্লা আৰু শিলচৰ সমষ্টিৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যই আজি মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিলৰ সময়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ লগতে কেইবাগৰাকীও শীর্ষ নেতা উপস্থিত থাকে। নগাঁৱত এআইইউডিএফ প্রার্থী আমিনুল ইছলামে মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিলৰ সময়ত দলৰ নেতা বদৰুদ্দিন আজমল উপস্থিত থাকে। কৰিমগঞ্জত দলটোৰ প্ৰাৰ্থী এছ আই চৌধুৰীয়ে মনোনয়ন দাখিল কৰে। ইপিনে, ডিফু সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী জয়ৰাম ইংলেঙে আজি মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিলৰ সময়ত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাও উপস্থিত থাকে।

Read More :

আনহাতে, সমষ্টিটোৰ এ এছ ডি চিৰ প্ৰাৰ্থী জৎচন বেয়ে আজি মনোনয়ন দাখিল কৰে। নগাঁও সমষ্টিৰ পৰা বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰাই কাইলৈ মনোনয়ন দাখিল কৰিব। দৰং-ওদালগুৰি সমষ্টিত বিজেপি প্রার্থী দিলীপ শ‍ইকীয়াই কাইলৈ মনোনয়ন দাখিল কৰিব। সমষ্টিটোৰ বি পি এফ প্রার্থী তথা বিধায়ক দুর্গাদাস বড়োৱে আজি মনোনয়ন দাখিল কৰে। উল্লেখযোগ্য যে, দ্বিতীয় পৰ্যায়ত ২৬ এপ্ৰিলত হ’বলগীয়া নিৰ্বাচনৰ মনোনয়ন দাখিলৰ কাইলৈ সামৰণি পৰিব। এই পৰ্যায়ত দৰং- ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও সমষ্টিত নির্বাচন অনুষ্ঠিত হ’ব। অহা ৫ এপ্ৰিলত মনোনয়ন পৰীক্ষা কৰা হ’ব আৰু ৮ এপ্রিল হ’ব মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন।

অধিক পঢ়ক

সকলো চাওক