২০২৩-২৪ বৰ্ষৰ চতুৰ্থ ত্রিমাসিকৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ তথ্যই ভাৰতীয় অর্থ ব্যৱস্থাৰ সাফল্যৰ কথাকেই প্ৰতিফলিত কৰেঃ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, ২০২৩-২৪ বৰ্ষৰ চতুৰ্থ ত্রিমাসিকৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ তথ্যই ভাৰতীয় অর্থ ব্যৱস্থাৰ সাফল্যৰ কথাকেই প্ৰতিফলিত কৰে। এই তথ্যৰ পৰা ভাৰতীয় অর্থ ব্যৱস্থাৰ বিকাশ হাৰ যে আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে সেয়াও স্পষ্ট হৈ পৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। সামাজিক মাধ্যম যোগে দেশৰ জনসাধাৰণক ধন্যবাদ জনাই শ্রীমোদীয়ে কয় যে, ২০২৩-২৪ বৰ্ষৰ বাবে ৮.২ শতাংশৰ বিকাশ হাৰে ভাৰত যে, গোলকীয় পৰ্যায়ৰ গুৰুত্বপূৰ্ণ অর্থ ব্যৱস্থাসমূহৰ ভিতৰত সবাতোকৈ দ্রুত বিকাশশীল অৰ্থব্যৱস্থা হৈ আছে তাকেই প্রতিফলিত কৰিছে। প্ৰধানমন্ত্ৰীয়ে ইয়াক আহিবলগীয়া দিনৰ ট্ৰেইলাৰ বুলি অভিহিত কৰিছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পে নাড্ডাইয়ো চতুর্থ ত্রিমাসিকৰ মুঠ ঘৰুৱা উৎপদানৰ বিকাশ হাৰৰ তথ্যৰ প্ৰশংসা কৰিছে। শ্ৰীনাড্ডাই সামাজিক মাধ্যম যোগে কৈছে যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত ভাৰতীয় অর্থ ব্যৱস্থা ২০২৩-২৪ বৰ্ষৰ বিত্তীয় বৰ্ষৰ বাবে ৮.২ শতাংশৰ চমকপ্ৰদ বিকাশ হাৰেৰে অগ্ৰসৰ হৈছে আৰু গুৰুত্বপূৰ্ণ গোলকীয় ব্যৱস্থাসমূহৰ ভিতৰত সবাতোকৈ দ্রুত বিকাশশীল অৰ্থব্যৱস্থা ৰূপে পৰিগণিত হৈছে। তেওঁ এই অভূতপূৰ্ব মাইলৰখুঁটিক দেশক প্ৰগতি আৰু সমৃদ্ধিৰ নজিৰবিহীন পৰ্যায়লৈ লৈ যোৱা প্ৰধানমন্ত্ৰী মোদীৰ ৰূপান্তৰকাৰী নীতি আৰু ভাৰতীয় নাগৰিকসকলৰ অক্লান্ত নিষ্ঠাৰ প্ৰমাণ বুলি অভিহিত কৰে।

অধিক পঢ়ক

সকলো চাওক