চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত দুখনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত ভাৰতে সবল স্থিতি অক্ষুণ্ণ ৰাখিছে। আজি তৃতীয় দিনৰ খেলৰ অন্তত আলহী দলটোৱে ৪ উইকেটৰ বিনিময়ত ১৫৮ ৰান সংগ্ৰহ কৰে। দলটোৱে ৬টা উইকেট হাতত থকা অৱস্থাত ৩৫৭ ৰানত পিছপৰি আছে। আজি দিনান্তত নাজমুল হুছেইন শ্বান্তোৱে ৫১ ৰান আৰু ছাকিব অল হাছানে ৫ ৰান কৰি অপৰাজিত হৈ আছে। ভাৰতৰ হৈ ৰবিচন্দ্রন অশ্বিনে ৩টা উইকেট দখল কৰাৰ বিপৰীতে যশপ্রীত বুমৰাহে এটা উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে ভাৰতে ৪ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা ২৮৭ ৰানত নিজৰ দ্বিতীয় ইনিংছ ঘোষণা কৰি বাংলাদেশক জয়ৰ বাবে ৫১৫ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে।
Site Admin | September 21, 2024 9:08 PM | 1st Test Chennai India is in leading position against Bangladesh
বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত দুখনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত সবল স্থিতিত ভাৰত
