প্ৰথম পৰ্যায়ত পৰহিলৈ দেশৰ ১৭খন ৰাজ্য আৰু ৪টা কেন্দ্ৰীয়শাসিত অঞ্চলৰ ১০২ টা লোকসভা সমষ্টিত ভোটগ্রহণ

পৰহিলৈ প্ৰথম পৰ্যায়ত দেশৰ ১৭খন ৰাজ্য আৰু ৪টা কেন্দ্ৰীয়শাসিত অঞ্চলৰ ১০২ টা লোকসভা সমষ্টিত হ’বলগীয়া নিৰ্বাচনৰ বাবে আজি প্ৰচাৰ অভিযানৰ সামৰণি পৰে। ইয়াৰ লগতে অৰুণাচল প্ৰদেশ আৰু ছিকিম বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰো আজি সামৰণি পৰে। অসমৰ ৫ খন লোকসভা আসনতো পৰহিলৈ ভোটগ্রহণ অনুষ্ঠিত হ’ব। এই ৫খন আসনত মুঠ ৩৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। আটাইকেইখন আসনতে ভাৰতীয় জনতা পাৰ্টী আৰু বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থীৰ মাজত প্ৰত্যক্ষ প্রতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে। এই দুই মিত্ৰজোঁটৰ লগতে আম আদমী পাৰ্টীয়ে দুখন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। এই পৰ্যায়ত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, সাংসদ প্ৰদান বৰুৱা, তপন কুমাৰ গগৈ, কামাখ্যা প্রসাদ তাছা, প্রাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক ৰঞ্জিত দত্তই বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিছে। আনহাতে, কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ, প্রাক্তন বিধায়ক ৰ’জলীনা তিৰ্কী, উদয় শংকৰ হাজৰিকা, অসম জাতীয় পৰিষদৰ নেতা লুৰিণজ্যোতি গগৈৰ ৰাজনৈতিক ভাগ্য নির্ণয় হ’ব। প্রথম পর্যায়ত বিভিন্ন ৰাজনৈতিক দলৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাই নিজ দলৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল। বিজেপিৰ হৈ গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ লগতে কেইবাগৰাকীও মন্ত্ৰী-বিধায়কে প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন কুমাৰ বৰা, জ্যেষ্ঠ নেতা প্রিয়ংকা গান্ধী, জয়ৰাম ৰমেশে অসমত প্ৰচাৰ চলায়। আম আদমী পাৰ্টীৰ হৈ পাঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান, দিল্লীৰ মন্ত্ৰী আতিশীয়ে প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে।

অধিক পঢ়ক

সকলো চাওক