প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিনত ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ মনোনয়ন দাখিল

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন দাখিলৰ আজি অন্তিম দিনা বিজেপিকে ধৰি বিৰোধী দলৰ কেইবাগৰাকীও প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। বিজেপি দলৰ নেতা তথা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, মন্ত্রী কেশৱ মহন্ত আৰু সমৰ্থকৰ উপস্থিতিত যোৰহাট লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে জিলা আয়ুক্ত কাৰ্যালয়ত মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিল কৰাৰ আগমুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীয়ে জনসভা সম্বোধন কৰি তপন কুমাৰ গগৈক জয়ী কৰাবলৈ ৰাইজক আহ্বান জনায় ৷ ১০ নম্বৰ কাজিৰঙা লোকসভা সমষ্টিত অন্তিম দিনা ৯ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, মন্ত্ৰী অজন্তা নেওগৰ উপস্থিতিত এই সমষ্টিৰ বাবে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই মনোনয়ন দাখিল কৰে। গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত জনসভাত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কামাখ্যা প্রসাদ তাছাক বিপুল ভোটত জয়ী কৰাবলৈ ৰাইজক আহ্বান জনায়। একেদৰে, অসম জন মৰ্চাৰ চেলিম আহমেদ, নিৰ্দলীয় প্রার্থী দিলোৱাৰা বেগম চৌধুৰী, আব্দুল হক, ত্রিদীপজ্যোতি ভূঞা, জ্যোতিষ্ক ৰঞ্জন গোস্বামীৰ লগতে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেচনেলৰ প্ৰাৰ্থী অনিমা ডেকা গুপ্তা আৰু ৰিপাব্লিকান পার্টি অৱ ইণ্ডিয়াৰ চালেহ আহমেদ মজুমদাৰে মনোনয়ন দাখিল কৰিছে। অন্তিম দিনৰ অন্তত কাজিৰঙা সমষ্টিৰ বাবে সৰ্বমুঠ ১২ জন প্রার্থীয়ে মনোনয়ন দাখিল কৰে। আনহাতে, শোণিতপুৰ লোকসভা সমষ্টিত ৭ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। বিজেপি মিত্ৰজোঁট সমৰ্থিত প্ৰাৰ্থী ৰঞ্জিত দত্তই সমর্থকৰ সৈতে সংশ্লিষ্ট জিলাৰ আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ মনোনয়নপত্ৰ দাখিল কৰে। তেওৰ মনোনয়ন দাখিলৰ সময়ত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, মন্ত্রী অশোক সিংহল, জয়ন্ত মল্ল বৰুৱা, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ লগতে কেইবাগৰাকী বিধায়ক দলীয় নেতা উপস্থিত থাকে। একেদৰে, আম আদমী পাৰ্টিৰ প্ৰাৰ্থী ঋষিৰাজ কৌড়িনা, বিপিএফৰ প্ৰাৰ্থী ৰাজু দেউৰী, জিপিএছৰ প্রার্থী ৰিংকু ৰয়ে মনোনয়ন দাখিল কৰে। বি এম পিৰ প্ৰাৰ্থী মহম্মদ আলম আলী আৰু ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেচনেলৰ পৰা কামেশ্বৰ স্বৰ্গীয়াৰীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। ১১ নম্বৰ শোণিতপুৰ লোকসভা সমষ্টিৰ পৰা সাংসদ পদৰ বাবে সৰ্বমুঠ ৯ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে । কংগ্ৰেছ তথা বিৰোধী ঐক্যমঞ্চৰ কেইবাগৰাকী প্ৰাৰ্থীয়েও আজি মনোনয়ন পত্র দাখিল কৰে। ইয়াৰ ভিতৰত লখিমপুৰৰ কংগ্ৰেছ প্রার্থী উদয় শংকৰ হাজৰিকাও আছে। উল্লেখযোগ্য যে, প্রথম পৰ্যায়ৰ বাবে মনোনয়নপত্ৰ দাখিলৰ আজি অন্তিম দিন আৰু কাইলৈ মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ’ব। মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ৩০ মাৰ্চ ধাৰ্য্য কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক