প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত

♦ৰাজ্যখনত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানে ক্ৰমাৎ গতি লাভ কৰা অৱস্থাত শাসনাধিষ্ঠিত বিজেপি মিত্ৰজোঁট আৰু কংগ্ৰেছকে ধৰি বিৰোধী তথা অন্যান্য প্ৰাৰ্থীসকলে ৰাজ্যখনৰ বিভিন্ন অঞ্চলত প্ৰচাৰ চলাইছে। ইফালে, বিভিন্ন ৰাজনৈতিক দলৰ শীৰ্ষ কেন্দ্ৰীয় নেতৃত্ব তথা তাৰকা প্ৰচাৰকে শীঘ্ৰেই ৰাজ্যখনত নিজৰ নিজৰ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ চলোৱাৰ সম্ভাৱনা আছে। বিজেপিৰ হৈ দলৰ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, মন্ত্ৰী স্মৃতি ইৰাণী আৰু অৰ্জুন মুণ্ডাকে ধৰি কেইবাগৰাকীও শীর্ষ নেতাই ৰাজ্যখনত প্ৰচাৰ চলোৱাৰ কথা বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে অহা ৭ এপ্ৰিলত হোজাইত আৰু ৮ এপ্ৰিলত লখিমপুৰত আয়োজিত প্ৰচাৰ কাৰ্যসূচীত অংশ ল’ব।

Read More News :

উল্লেখযোগ্য যে, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ১৭ এপ্রিল অর্থাৎ প্রথম পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ সামৰণিৰ দিনটোলৈকে ৰাজ্যৰ বিভিন্ন স্থানত প্ৰচাৰ চলাব। ইপিনে, কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ হৈ দলৰ কেন্দ্ৰীয় নেতৃত্বই ৰাজ্যত প্ৰচাৰ চলোৱাৰ কথা। দলৰ নেতা ৰাহুল গান্ধীকে ধৰি কেইবাগৰাকীও শীৰ্ষ নেতাই প্ৰচাৰ অভিযানত অংশ ল’ব বুলি দলীয় সূত্ৰই প্ৰকাশ কৰিছে। একেদৰে আম আদমী পাৰ্টী আৰু তৃণমূল কংগ্ৰেছকে ধৰি অন্যান্য দলসমূহেও পৰৱৰ্তী সময়ত প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিব বুলি প্ৰকাশ পাইছে।
 

অহা ১৯ এপ্ৰিলত ৰাজ্যখনৰ ৫টা সমষ্টিত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযানে ক্ৰমাৎ তীব্ৰতা লাভ কৰিছে। চৰাইদেউ জিলাৰ মথুৰাপুৰ চাহ বাগিচাত কালি পীযূষ হাজৰিকাই এখন নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। কালি সন্ধিয়া নাজিৰা বিধানসভা সমষ্টিৰ মথুৰাপুৰ বাগিচাৰ খেলপথাৰত অনুষ্ঠিত এখন দলীয় নির্বাচনী সভাত মন্ত্ৰীগৰাকীয়ে বিজেপি প্রার্থী তপন কুমাৰ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। নির্বাচনী প্ৰচাৰ কাৰ্যসূচীত মন্ত্ৰী পীযূষ হাজৰিকাৰ সৈতে টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ তথা শিৱসাগৰ জিলা বিজেপিৰ সভাপতি ময়ুৰ বৰগোহাঁয়ো উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক