কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ ১০০ দিন পূৰ হোৱাৰ সৈতে সংগতি ৰাখি বিকশিত ভাৰতৰ পথত অগ্ৰসৰ হোৱাৰ এশ দিন উপলক্ষে চৰকাৰে মহিলা নেতৃত্বাধীন বিকাশৰ লক্ষ্য লৈছে। ইয়াৰ অধীনত মহিলাৰ দ্বাৰা ক্ৰয় কৰা সম্পত্তিৰ বাবে ষ্টাম্প শুল্ক হ্ৰাস কৰিবলৈ ৰাজ্যসমূহক উৎসাহিত কৰা হৈছে। তদুপৰি হোষ্টেল আৰু মহিলা নিৰ্ধাৰিত দক্ষতা কাৰ্যসূচীৰ জৰিয়তে মহিলাৰ কর্মশক্তিৰ অংশগ্ৰহণত উদগণি যোগোৱা হৈছে। পর্যটন খণ্ডত মহিলাসকলৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিবলৈ পৰ্যটন দিদি আৰু পৰ্যটন মিত্ৰ আঁচনি লোৱা হৈছে। তদুপৰি গ্ৰাম্য জীৱিকাৰ সুবিধা বৃদ্ধি কৰিবলৈ ৰাষ্ট্ৰীয় গ্ৰামীন জীৱিকা মিছনৰ অধীনত ৯০ লাখৰো অধিক আত্মসহায়ক গোটত ১০ কোটি মহিলাক সংগঠিত কৰা হৈছে। একেদৰে নাৰী শক্তিক উপকৃত কৰা আঁচনিৰ বাবে এই বছৰৰ বাজেটত ৩ লাখ কোটি টকা আৱণ্টন দিয়া হৈছে। এতিয়ালৈকে ১১ লাখ নতুন লাখপতি দিদিয়ে প্রধানমন্ত্ৰীৰ পৰা প্ৰমাণপত্ৰ লাভ কৰিছে। আনহাতে, ২ লাখ ৩৫ হাজাৰ আত্মসহায়ক গোটৰ ২৬ লাখ সদস্যাক সহায় কৰিবলৈ ৫ হাজাৰ কোটি টকা মূল্যৰ বেংক ঋণ মুকলি কৰা হৈছে। মহিলা উদ্যোগীৰ সৱলীকৰণৰ বাবে মুদ্ৰা ঋণৰ সীমা ১০ লাখ টকাৰ পৰা ২০ লাখ টকালৈ বৃদ্ধি কৰা হৈছে। একেদৰে মহিলাৰ বাবে গৃহৰ মালিকীস্বত্ত আৰু মৰ্যাদা নিশ্চিত কৰিবলৈ ৩ কোটি অতিৰিক্ত ঘৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত পৰিকল্পনা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহিলাসকলৰ সৱলীকৰণত গুৰুত্ব আৰোপ কৰি কয় যে, শিক্ষা, উদ্যমিতা, কৃষি প্রযুক্তি আৰু অন্য পদক্ষেপৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰ মহিলাসকলৰ সৱলীকৰণৰ বাবে দায়বদ্ধ।
Site Admin | September 24, 2024 9:21 PM | 1oo days modi govt