ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্যত ১৯ এপ্ৰিলত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

ৰাজ্যত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। বিশেষকৈ ১৯ এপ্ৰিলত হ’বলগীয়া প্ৰথম পৰ্যায়ত কাজিৰঙা, ডিব্ৰুগড়, লখিমপুৰ, শোণিতপুৰ আৰু যোৰহাট লোকসভা সমষ্টিত হ’বলগীয়া ভোটগ্ৰহণৰ বাবে ব্যাপক প্ৰচাৰ অভিযান চলিছে।

ImageImageImage

শাসকীয় বিজেপিকে ধৰি কংগ্ৰেছ, আম আদমী পাৰ্টী, অসম গণ পৰিষদ, ইউ পি পি এল, বি পি এফ আদি দলসমূহে নিৰ্বাচনী প্ৰচাৰ চলাইছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি ডিব্ৰুগড় লোকসভা সমষ্টিত বিজেপি প্রার্থী সৰ্বানন্দ সোণোৱালৰ হৈ নিৰ্বাচনী সভাত অংশগ্রহণ কৰে। মুখ্যমন্ত্ৰীয়ে ডিগবৈত বিজয় সংকল্প সমদলত অংশগ্ৰহণ কৰাৰ পাছত টিংখাঙৰ ঔগুৰিত অনুষ্ঠিত নিৰ্বাচনী সভাত সোণোৱালৰ হৈ প্ৰচাৰ অভিযান চলায়। লখিমপুৰ লোকসভা সমষ্টিৰ বিজেপি প্রার্থী প্ৰদান বৰুৱাৰ হৈ কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী সোণোৱালে জোনাইত নির্বাচনী সভাত অংশগ্রহণ কৰে। আনহাতে, চিৰাঙৰ বিজনীত বিজেপিৰ যোগদান কার্যসূচী অনুষ্ঠিত হয়।

ImageImage

কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ উপস্থিতিত ৫ শতাধিক যুৱক-যুৱতীয়ে বিজেপিত যোগদান কৰে। কোকৰাঝাৰতো ইউ পি পি এলৰ যোগদান কার্যসূচী অনুষ্ঠিত হয়। বি টি আৰৰ মুৰববী প্রমোদ বড়োৰ উপস্থিতিত আয়োজিত অনুষ্ঠানত ৭ শতাধিক যুৱক-যুৱতীয়ে ইউ পি এলত যোগদান কৰে। বৰপেটাত অসম গণ পৰিষদৰ বুথ সমিতিৰ এখন কর্মীসভা আজি অনুষ্ঠিত হয়। বৰপেটা লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ সমর্থিত অগপ প্রার্থী ফণীভূষণ চৌধুৰীৰ কাৰ্যালয়ত অনুষ্ঠিত কর্মীসভাত দলটোৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক তথা বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা উপস্থিত থাকে। বিভিন্ন বুথ সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থকা এই সভাখনত কলিতাই বুথ শক্তিশালী কৰিবলৈ সকলোকে সৰ্বাধিক গুৰুত্ব দিবলৈ আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক