ডাউনলোড
মোবাইল এপ

android apple
signal

মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ৰাষ্ট্ৰীয় প্ৰতিযোগিতা শাখাত ৭৭খন ছবিৰ প্রতিদ্বন্দ্বিতা

মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (এমআইএফএফ)ৰ ১৮সংখ্যক সংস্কৰণত ৰাষ্ট্ৰীয় প্ৰতিযোগিতা শাখাত ৭৭খন ছবিয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। এই চলচ্চিত্ৰ মহোৎসৱত এইবাৰ অভিলেখসংখ্যক ৮৪০খন চিনেমাই অংশগ্রহণ কৰিছে। নতুন পৰিচালকৰ ৩০খন উল্লেখযোগ্য ছবি আৰু ছাত্ৰৰ দ্বাৰা পৰিচালিত ১২খন চিনেমায়ো প্রতিযোগীসকলৰ মাজত নিজৰ স্থান লাভ কৰিছে৷ মহোৎসৱৰ শ্ৰেষ্ঠ ভাৰতীয় তথ্যচিত্র ছবিয়ে লাভ কৰিব ৰূপালী শংখ আৰু নগদ ৫ লাখ টকা। আনহাতে, ৩০ মিনিট পর্যন্ত দৈৰ্ঘ্যৰ শ্ৰেষ্ঠ ভাৰতীয় চুটি কাহিনী ছবিয়ে ৰূপালী শংখ আৰু ৩ লাখ টকাৰ নগদ পুৰস্কাৰ, শ্রেষ্ঠ ভাৰতীয় এনিমেচন ছবিয়ে ৰূপৰ শংখ আৰু নগদ ৩ লাখ টকা, শ্ৰেষ্ঠ নৱাগত ছবিয়ে লাভ কৰিব ট্ৰফী আৰু নগদ ১ লাখ টকা। শ্রেষ্ঠ ছাত্র ছবিয়েও ট্ৰফী আৰু নগদ ১ লাখ টকা লাভ কৰিব। “অমৃত কালত ভাৰত”ৰ শ্ৰেষ্ঠ চুটি ছবিৰ বাবে এটা বিশেষ শিতান কেৱল ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বাবে মুকলি থাকিব আৰু এই বঁটাৰ সৈতে ট্ৰফী আৰু নগদ ১ লাখ টকাৰ পুৰস্কাৰ থাকিব৷ এই বছৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনৰ জুৰীৰ সদস্যসকলৰ ভিতৰত আছে জার্মান চলচ্চিত্র প্রযোজক এডেল ছিলমেন, চলচ্চিত্র নির্মাতা ড০ ববি শৰ্মা বৰুৱা, এনিমেটৰ মুঞ্জল শ্রফ, চলচ্চিত্র প্রযোজক অপূর্ব বাক্ষী আৰু জাৰ্মান চলচ্চিত্র নির্মাতা আন্না হেংকেল-ডনাৰ্ছমার্ক।

অধিক পঢ়ক

সকলো চাওক