জন্মগতভাৱে হৃদপিণ্ডৰ জটিল ৰোগত আক্ৰান্ত ১৮ বছৰ অনূৰ্ধ্বৰ ৰাজ্যৰ ১৪টি শিশুক কালি উন্নত চিকিৎসাৰ বাবে বাংগালুৰু আৰু মুম্বাইৰ নাৰায়ণা হৃদয়ালয়লৈ প্ৰেৰণ কৰা হৈছে। মন্ত্ৰী কেশৱ মহন্তই কালি ৰাওনা হোৱাৰ পূৰ্বে শিশুকেইটিক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত সাক্ষাৎ কৰে। তেওঁ কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিকল্পনা মৰ্মে হৃদপিণ্ডৰ জন্মগত বিসংগতি থকা শিশুসকলক চৰকাৰে নাৰায়ণা হৃদয়ালয়ত উন্নত চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰি আহিছে।
ইয়াৰ বাবে যোৱা ১ ছেপ্টেম্বৰৰ পৰা ১০ ছেপ্টেম্বৰলৈ ৰাজ্যজুৰি ৰোগ চিনাক্তকৰণ শিবিৰ অনুষ্ঠিত হয়। এই শিবিৰসমূহত ৰোগ চিনাক্ত হোৱা শিশুসকলক পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে নাৰায়ণা হৃদয়ালয়লৈ প্ৰেৰণ কৰা হব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।