বৈভৱ সূৰ্যবংশী আই পি এলৰ ইতিহাসত কোনো দলে ক্ৰয় কৰা সর্বকনিষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত হৈছে। ২০২৫ বৰ্ষৰ আই পি এল ক্রিকেট প্রতিযোগিতাৰ নিলামৰ দ্বিতীয় দিনা কালি ১৩ বছৰীয়া খেলুৱৈগৰাকীক ৰাজস্থান ৰয়েলছ দলে ১ কোটি ১০ লাখ টকাত ক্ৰয় কৰে। বিহাৰ ক্ৰিকেট সন্থাৰ অধ্যক্ষ ৰাকেশ তিৱাৰীয়ে যুৱ ৱেটছমেনগৰাকীক এই কৃতিত্বৰ বাবে অভিনন্দন জনাইছে আৰু খেলুৱৈগৰাকীয়ে ভাল প্ৰদৰ্শন আগবঢ়াব বুলি আস্থা প্ৰকাশ কৰিছে। বৈভৱে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চেন্নাইত অনুষ্ঠিত ১৯ বছৰ অনূৰ্ধ্বৰ এখন যুৱ টেষ্ট খেলত দেশৰ হৈ ৬২টা বলত ১০৪ ৰান সংগ্ৰহ কৰি ক্ৰিকেটপ্রেমীসকলৰ দৃষ্টি আকৰ্ষণ কৰিছিল। এয়া হ’ল যুৱ টেষ্ট খেলত কোনো এগৰাকী ভাৰতীয়ৰ দ্ৰুততম শতৰান। ইয়াৰ পূৰ্বে বৈভৱে চলিত বৰ্ষত ১২ বছৰ বয়সতে বিহাৰৰ হৈ ৰঞ্জি ট্ৰফী ক্রিকেট প্রতিযোগিতাত অংশগ্ৰহণ কৰিছিল। ইয়াৰ সুবাদত বৈভৱে দেশৰ প্ৰথম শ্ৰেণীৰ ক্ৰিকেট প্ৰতিযোগিতাত ভাগ লোৱা সর্বকনিষ্ঠ খেলুৱৈৰ কৃতিত্ব অর্জন কৰিছিল।
Site Admin | November 26, 2024 11:55 AM