প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে তৃতীয়টো কাৰ্যকালৰ এশ দিন সম্পূৰ্ণ কৰিছে। এই সময়ছোৱাত চৰকাৰে আন্তঃগাঁথনি, সমাজ কল্যাণ, কৃষক, মধ্যবিত্ত শ্রেণী, মহিলা আৰু যুৱ প্ৰজন্মৰ বাবে প্ৰায় ১৫ লাখ কোটি টকা ব্যয়সাপেক্ষ বিভিন্ন আঁচনি গ্রহণ কৰিছে। চৰকাৰে দেশৰ গ্ৰামাঞ্চল আৰু আৰ্থিকভাৱে পিছপৰা অঞ্চলৰ মহিলাসকলৰ সৱলীকৰণত গুৰুত্ব আৰোপ কৰি বিশেষভাৱে মহিলাৰ দ্বাৰা পৰিচালিত বিকাশৰ বাবে শক্তিশালী পৰিকাঠামো গঠনৰ দিশত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। দেশক ২০৪৭ চনৰ ভিতৰত উন্নত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ লক্ষ্যৰে নৰেন্দ্ৰ মোদী চৰকাৰে কোনো লোকে বিশেষকৈ মহিলা যাতে বিকাশৰ প্ৰক্ৰিয়াৰ পৰা বাদ পৰি নাযায় তাক নিশ্চিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। দীনদয়াল অন্ত্যোদয়া আঁচনি-ৰাষ্ট্ৰীয় গ্রামীন জীৱিকা অভিযানৰ অধীনত ৯০ লাখৰো অধিক আত্মসহায়ক গোটৰ জৰিয়তে প্রায় ১০ কোটি মহিলাক সামৰি লোৱা হৈছে। প্ৰায় এঘাৰ লাখ নতুন লাখপতি দিদিয়ে প্রধানমন্ত্ৰীৰ পৰা সফলতাৰ চিনস্বৰূপে প্ৰমাণপত্ৰ লাভ কৰিছে। এই বছৰৰ বাজেটত নাৰী শক্তিক লাভৱান্বিত কৰাৰ উদ্দেশ্যে ৩ লাখ কোটি টকা ধাৰ্য কৰা হৈছে। আনহাতে, মহিলাৰ বাবে মৰ্যাদা তথা ঘৰৰ মালিকীস্ৱত্ৱ সুনিশ্চিত কৰাৰ বাবে প্রধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত প্রায় ৩ কোটি অতিৰিক্ত গৃহ নিৰ্মাণ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে। চৰকাৰে চাৰি লাখ ৩০ হাজাৰ আত্মসহায়ক গোটৰ ৪৮ লাখ সদস্য উপকৃত হোৱাকৈ দুহেজাৰ ৫০০ কোটি টকাৰ পুঁজি মুকলি কৰি দিছে। নাৰী শক্তিক উদযাপন কৰাৰ উদ্দেশ্যে দুই লাখ ৩৫ হাজাৰ আত্মসহায়ক গোটৰ ২৬ লাখ সদস্য উপকৃত হোৱাকৈ পাঁচ হাজাৰ কোটি টকাৰ বেংকৰ ঋণ মুকলি কৰি দিয়া হৈছে। তদুপৰি মহিলা উদ্যোগীসকলৰ সবলীকৰণৰ প্ৰতি লক্ষ্য ৰাখি মুদ্ৰা ঋণৰ সীমা ১০ লাখৰ পৰা ২০ লাখ টকালৈ বৃদ্ধি কৰা হৈছে।
Site Admin | September 24, 2024 7:40 PM | 100 days modi govt