ৱাশ্বিংটনৰ ডেলাৱেৰত কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলৰ সন্মিলন আৰু কেইবাখনো উচ্চস্তৰীয় দ্বিপাক্ষিক বৈঠকত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ আমেৰিকা ভ্ৰমণৰ আজি প্ৰথম দিনা ৱাশ্বিংটনৰ ডেলাৱেৰত কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলৰ সন্মিলন আৰু কেইবাখনো উচ্চস্তৰীয় দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰে। কালি নিশা শ্রীমোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন আৰু জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিশ্বিডা আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী আলবানেজৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। আমাৰ সংবাদদাতাই জনোৱা মতে এই আলোচনাসমূহে প্রধানমন্ত্রী মোদীক বিশ্ব উন্নয়ন বিকাশ তথা শান্তি আৰু সুৰক্ষাৰ হকে ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতা আৰু ভাৱাদৰ্শ আগুৱাই নিয়াৰ সুযোগ প্ৰদান কৰে। ফিলাডেলফিয়াত উপস্থিত হোৱাৰ পাছত ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলে শ্রীমোদীক বিমান বন্দৰ আৰু হোটেলত আদৰণি জনায়। তাত উপস্থিত হোৱাৰ ঠিক পাছতেই শ্রীমোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ বাইডেনক সাক্ষাৎ কৰে। প্ৰায় এঘণ্টাজোৰা এই দ্বিপাক্ষিক বৈঠকত দুয়োগৰাকী নেতাই বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰে। বৈঠকৰ সময়ছোৱাত শ্রীমোদীয়ে ভাৰত আৰু আমেৰিকাই বৰ্তমান ব্যাপক গোলকীয় কৌশলগত অংশীদাৰিত্ব আগবঢ়াই নিয়া সন্দৰ্ভত আলোকপাত কৰে। দুয়োগৰাকী নেতাই ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলকে ধৰি আঞ্চলিক আৰু গোলকীয় বিভিন্ন বিষয় সন্দৰ্ভত দ্বিপাক্ষিক সহযোগিতাক অধিক শক্তিশালী কৰাৰ দিশ সন্দৰ্ভত আলোচনা কৰে। আজি দিনটোৰ শেষৰ মূল কাৰ্যসূচী হিচাপে ৰাষ্ট্ৰপতি বাইডেনে শিক্ষা গ্ৰহণ কৰা Archmere Academy ত কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলৰ সন্মিলন অনুষ্ঠিত হয়। সন্মিলনৰ সময়ত শ্ৰীমোদীয়ে ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলত বিকাশ আৰু উন্নয়নৰ হকে ভাৰতৰ সহযোগিতামূলক পদক্ষেপ সন্দৰ্ভত আলোকপাত কৰে। জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিশ্বিডা আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী আলবানেজে ভাৰতৰ অবিৰত সহযোগিতাৰ ভূয়সী প্ৰশংসা কৰে। কাইলৈ তেওঁ ভ্ৰমণৰ অন্তিম দিনা নিউয়র্কত থকা ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ছামিট অব দ্য ফিউচাৰ শীর্ষক সন্মিলন সম্বোধন কৰিব। এই সন্মিলনৰ মূল বিষয়বস্তু হৈছে উন্নত ভৱিষ্যতৰ বাবে বহুপাক্ষিক সমাধান। সন্মিলনৰ সুযোগতে শ্রীমোদীয়ে আন্তঃৰাষ্ট্ৰীয় আৰু আঞ্চলিক বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় লৈ বিশ্ব নেতাসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব।

অধিক পঢ়ক

সকলো চাওক