প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ হৈছে স্বাভাৱিকভাৱে মিত্ৰ ৰাষ্ট্ৰ আৰু দুয়োখন ৰাষ্ট্ৰ শক্তিশালী অংশীদাৰী হোৱাতো নিশ্চিত। আমেৰিকা ভ্ৰমণৰ প্ৰথম দিনা ৱাশ্বিংটনত প্রবাসী ভাৰতীয়সকলক সম্বোধন কৰি শ্রীসিঙে এনেদৰে কয়। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ৱাশ্বিংটন ডিচিত ভাৰতীয় সমুদায়ৰ লোকসকলৰ সৈতে বাৰ্তালাপ কৰে। তেওঁ কয় যে ভাৰতীয় লোকসকলে নিজৰ সাংস্কৃতিক প্রমূল্য বজাই ৰাখি নিজ দেশৰ সৈতে সংযোজিত হৈ থকাটো অতি সুখৰ বিষয়। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ ভ্ৰমণকালত ভাৰত আৰু আমেৰিকাই যোগান ব্যৱস্থাৰ নথি-পত্ৰৰ নিৰাপত্তা অর্থাৎ এছ অ’ এছ একে ধৰি আন এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। উল্লেখযোগ্য যে ভাৰত হৈছে আমেৰিকাৰ ১৮সংখ্যক এছ অ এছ এৰ অংশীদাৰী। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা সচিব লয়দ আষ্টিনৰ আমন্ত্ৰণ মৰ্মে কালি সন্ধিয়া চাৰিদিনীয়া আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণসূচীৰে ৱাশ্বিংটনত উপস্থিত হয়। এই ভ্ৰমণকালত তেওঁ আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ সৈতে দ্বি-পাক্ষিক বৈঠকত মিলিত হোৱাৰ লগতে দেশখনৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক চুলিভানক সাক্ষাৎ কৰিব। শ্রী সিঙে লগতে আমেৰিকাৰ প্ৰতিৰক্ষা উদ্যোগৰ সৈতে বর্তমান চলি থকা তথা ভৱিষ্যতৰ প্ৰতিৰক্ষা সহযোগিতা সন্দৰ্ভত এখন উচ্চ পৰ্যায়ৰ ঘূৰণীয়া মেজমেলত অধ্যক্ষতা কৰিব।
Site Admin | August 23, 2024 6:09 PM | Defense Minister
ৱাশ্বিংটনত প্রবাসী ভাৰতীয়ক সম্বোধন প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ
