ৱায়নাডৰ ভূমিস্খলন প্ৰভাৱিত লোকসকলৰ উদ্ধাৰ, সাহায্য আৰু পুনৰবাসনৰ বাবে কেন্দ্ৰীয় চৰকাৰে সম্ভাৱ্য সকলো ধৰণৰ সহায় আগবঢ়াবঃ গৃহমন্ত্রী

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ৱায়নাডৰ ভূমিস্খলন প্ৰভাৱিত লোকসকলৰ উদ্ধাৰ, সাহায্য আৰু পুনৰবাসনৰ বাবে কেন্দ্ৰীয় চৰকাৰে সম্ভাৱ্য সকলো ধৰণৰ সহায় আগবঢ়াব আৰু চেষ্টাৰ অকণো ত্ৰুটি নকৰে বুলি আশ্বাস দিছে। দেশৰ বিভিন্ন অংশত ভূমিস্খলন আৰু বানৰ বাবে ধন জন হানি হোৱা সন্দৰ্ভত কালি লোকসভাত এটা মনোযোগ আকৰ্ষণ প্ৰস্তাৱৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। শ্ৰীশ্বাহে কয় যে শোকৰ এই মুহূৰ্তত কেন্দ্ৰীয় চৰকাৰ অথবা ৰাজনৈতিক দলসমূহে কেৰালা চৰকাৰ আৰু ৰাজ্যখনৰ জনসাধাৰণ বিশেষকৈ ৱায়নাডৰ লোকসকলৰ সৈতে দৃঢ়তাৰে থিয় দিয়া উচিত। কেন্দ্ৰীয় চৰকাৰ ৱায়নাডৰ জনসাধাৰণৰ প্ৰতি সকলো ধৰণৰ সহায় আগবঢ়াবলৈ বদ্ধপৰিকৰ বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। শ্ৰীশ্বাহে সদনক কয় যে ২০১৪ চনৰ পাছত দেশত বিশ্বৰ সবাতোকৈ আধুনিক সতর্কতা ব্যৱস্থা স্থাপন কৰা হৈছে। প্ৰাকৃতিক বিপর্যয়ৰ সাত দিন আগতেই আগতীয়া জাননী জাৰি কৰিব পৰা বিশ্বৰ পাঁচখন বচা বচা দেশৰ ভিতৰত ভাৰত অন্যতম বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে জনসাধাৰণৰ সুৰক্ষাৰ বাবে দুহেজাৰ ৩০০ কোটি টকা ব্যয়েৰে দেশত বিভিন্ন প্ৰকাৰৰ আগতীয়া সতর্কতা প্ৰণালী স্থাপন কৰা হৈছে। দুৰ্যোগ ব্যৱস্থাপনা আৰু জীৱন ৰক্ষা প্ৰক্ৰিয়াৰ ব্যাখ্যা আগবঢ়াই গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ২০১৪ চনৰ পূৰ্বে বিপর্যয়ৰ সময়ত অকল উদ্ধাৰ আৰু পুনৰ্বাসে সঁহাৰিৰ একমাত্ৰ মাধ্যম আছিল। তেওঁ কয় যে নৰেন্দ্ৰ মোদী চৰকাৰ ক্ষমতালৈ অহাৰ পাছত বিপর্যয়ৰ সময়ত যাতে কোনো লোকৰ প্ৰাণনাশ নহয় সেয়া সুনিশ্চিত কৰাৰ উদ্দেশ্যে উদ্ধাৰ কাৰ্যৰ উপৰি আগতীয়াকৈ প্ৰস্তুতিৰ ব্যৱস্থা কৰি অহা হৈছে।


কেৰালালৈ আগতীয়া সতৰ্কতা জাৰি সন্দৰ্ভত শ্ৰীশ্বাহে কয় যে ১৮ জুলাইত ৰাজ্যখনৰ পশ্চিম প্রান্তৰ উপকূল ভাগত স্বাভাৱিকতকৈ অধিক বৰষুণ হ’ব বুলি আৰু পাছত ২৩ আৰু ২৫ জুলাইত অঞ্চলটোত ধাৰাসাৰ বৰষুণ হ’ব পাৰে বুলি আগলি বতৰা দিয়া হৈছিল। ২৩ জুলাইত অঞ্চলটোলৈ আগতীয়াকৈ ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ ৮টা দল প্ৰেৰণ কৰা হৈছিল বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে উদ্ধাৰ আৰু সাহায্যৰ বাবে সৰ্বতোপ্ৰকাৰে চেষ্টা চলাই আছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই পৰিস্থিতি নিৰীক্ষণ কৰি আছে বুলি শ্ৰীশ্বাহে উল্লেখ কৰে। ইয়াৰ পূৰ্বে আলোচনাত অংশ লৈ কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্রী নিত্যানন্দ ৰায়ে কয় যে কেন্দ্ৰীয় চৰকাৰে বান আৰু ভূমিস্খলনকে ধৰি অধিক বিপদাশংকাৰ বিপৰ্যয়ৰ ব্যৱস্থাপনাৰ বাবে ৩৩বাৰকৈ পৰামৰ্শ জাৰি কৰা হৈছে। ৰাজ্য চৰকাৰে এই পৰামৰ্শ অনুযায়ী প্ৰস্তুতি কৰিব পাৰে বুলি তেওঁ উল্লেখ কৰে। কংগ্ৰেছৰ কে চি বেনুগোপালে আলোচনাৰ পাতনি মেলি কয় যে কেন্দ্ৰীয় চৰকাৰে প্ৰাকৃতিক বিপর্যয়জনিত পৰিস্থিতিৰ ক্ষেত্ৰত ৰাজ্যসমূহক সহায় কৰা উচিত।

অধিক পঢ়ক

সকলো চাওক