কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কৈছে যে, কেৰালা চৰকাৰক ৱায়নাডত ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলন হ’ব পাৰে বুলি প্ৰথমে ২৩ জুলাইত আৰু পাছত ২৪ আৰু ২৫ জুলাইত পুনৰাই আগলি বতৰা দিয়া হৈছিল। ৰাজ্যসভাত আজি ৱায়নাডৰ বিনাশ সম্পৰ্কীয় মনোযোগ আকর্ষণ প্রস্তাৱত হস্তক্ষেপ কৰি শ্ৰীশ্বাহে কয় যে, ২৬ জুলাইত অঞ্চলটোত ২০ ছেণ্টিমিটাৰৰ অধিক বৰষুণ, ভূমিস্খলন হোৱাৰ লগতে বোকা মাটিৰ ঢল বব পাৰে আৰু ইয়াৰ ফলত ধন জনৰ হানি হব পাৰে বুলি নতুনকৈ সতর্কতা জাৰি কৰা হৈছিল। তেওঁ কয় যে, ৰাষ্ট্ৰীয় দুৰ্যোগ সহাঁৰি বাহিনীৰ কেইবাটাও দল ৰাজ্যখনলৈ প্ৰেৰণ কৰা হৈছিল যদিও ৰাজ্য চৰকাৰে জনসাধাৰণক সময়মতে নিৰাপদ স্থানলৈ আঁতৰাই অনা নাছিল। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ দল উপস্থিত হোৱাৰ পাছতে কেৰালা চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিলে ক্ষয় ক্ষতি হ্ৰাস কৰিব পৰা গ’লহেতেন। ভাৰত প্ৰাকৃতিক বিপর্যয়ৰ বিষয়ে ৭ দিন পূৰ্বে সতর্কতা জাৰি কৰিব পৰা ৪খন দেশৰ ভিতৰত অন্যতম বুলি শ্ৰীশ্বাহে উল্লেখ কৰে। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে, পূৰ্বতে ওড়িশা আৰু গুজৰাটকে ধৰি কেইবাখনো ৰাজ্যই কেন্দ্ৰীয় চৰকাৰৰ আগতীয়া সতৰ্কতা প্ৰণালী ব্যৱহাৰ কৰি ক্ষয়-ক্ষতি হ্ৰাস কৰিবলৈ সমৰ্থ হৈছে। তেওঁ কয় যে নৰেন্দ্ৰ মোদী চৰকাৰ ৱায়নাদত বিভীষিকাৰ সন্মুখীন হোৱাৰ বাবে কেৰালা চৰকাৰ আৰু ৰাজ্যখনৰ জনসাধাৰণৰ সৈতে শিলৰ দৰে দৃঢ়তাৰে ঠিয় হৈ আছে। কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে আলোচনাত অংশগ্ৰহণ কৰি কয় যে, কেন্দ্ৰীয় চৰকাৰে ৱায়নাদৰ ঘটনাৰ বাতৰি পোৱাৰ পাছৰে পৰা ৰাজ্য চৰকাৰলৈ সম্ভাৱ্য সকলো ধৰণৰ সাহায্য আগবঢ়াইছে। তেওঁ কয় যে, শেহতীয়া প্ৰতিবেদন অনুসৰি এহেজাৰৰো অধিক লোকক উদ্ধাৰ কৰা হৈছে। সশস্ত্র বাহিনী, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ দলে ভূমিস্খলন প্ৰভাৱিত এলেকাসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান চলাই আছে । বিজেপিৰ অৰুণ সিং, চি পি আই এমৰ জন ব্ৰিটাছ, আৰ জে দিৰ মনোজ ঝা, ডি এম কেৰ তিৰুচি শিৱা, এ আই এ ডি এম কেৰ এম থাম্বিডুৰাই, এন চি পিৰ প্ৰফুল পেটেল, আই ইউ এম এলৰ হাৰিশ বিৰণ, টি এম চিৰ চাকেট গোখলে, আম আদমী পাৰ্টীৰ ৰাঘৱ চদ্দা আৰু বিজেদিৰ মুজিবুল্লা খানে আলোচনাত ভাগ লয়।
Site Admin | July 31, 2024 7:53 PM | Amit Shah