ৱাকফ সংশোধনী বিধেয়ক ২০২৪ সম্পৰ্কীয় যুটীয়া সংসদীয় কমিটীয়ে জনসাধাৰণ, বেচৰকাৰী সংস্থা, বিশেষজ্ঞ, বিভিন্ন পক্ষ আৰু প্ৰতিষ্ঠানৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। লোকসভা সচিবালয়ে এই সন্দৰ্ভত প্ৰেছ বিজ্ঞপ্তি জাৰি কৰিছে। বিজ্ঞপ্তিত এইবুলি কোৱা হৈছে যে কমিটীলৈ লিখিত পৰামৰ্শ আগবঢ়াব বিচৰা ব্যক্তিসকলে হিন্দী অথবা ইংৰাজী ভাষাত দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। তেওঁলোকে নতুন দিল্লীৰ সংসদৰ উপ-ভৱনৰ ৪৪০ নম্বৰ কক্ষৰ ঠিকনাত লোকসভা সচিবালয়ৰ যুটীয়া সচিবলৈ ডাকযোগে দুটাকৈ প্ৰতিলিপি প্ৰেৰণ কৰিব লাগিব। জনসাধাৰণে jpcwaqf-lss@sansad.nic.in ইমেইলযোগেও দিহা-পৰামৰ্শ প্ৰেৰণ কৰিব পাৰিব। বিজ্ঞাপন প্ৰকাশ হোৱাৰ পৰা ১৫ দিনলৈকে দিহা-পৰামৰ্শ গ্ৰহণ কৰা হ’ব। বিজ্ঞপ্তি অনুসৰি কমিটীলৈ প্ৰেৰণ কৰা স্মাৰকপত্ৰ অথবা দিহা-পৰামৰ্শ কমিটীখনত অভিলেখৰ অংশ হ’ব আৰু সেইসমূহ গোপনীয় আৰু কমিটীৰ সম্পদ বুলি গণ্য কৰা হ’ব। কমিটীৰ সন্মুখত উপস্থিত বিচৰা ব্যক্তিসকলে স্মাৰক-পত্ৰ প্ৰেৰণ কৰাৰ উপৰি বিশেষভাৱে অনুৰোধ জনাব লাগিব। অৱশ্যে এই ক্ষেত্ৰত কমিটীৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হ’ব। ৱাক্ফ সংশোধনী বিধেয়কৰ খচৰা হিন্দী আৰু ইংৰাজী ভাষাত লোকসভাৰ ৱেবছাইটত উপলব্ধ। এই বিধেয়কখন সংসদৰ বাজেট অধিবেশনৰ সময়ত লোকসভাত উত্থাপন কৰা হৈছিল আৰু বিধেয়কখন চালিজাৰি চোৱাৰ বাবে সাংসদ জগদম্বি পালৰ অধ্যক্ষতাত গঠন কৰা সংসদৰ যুটীয়া কমিটীলৈ প্ৰেৰণ কৰা হৈছিল। কমিটীখনে সংসদৰ শীতকালীন অধিবেশনৰ প্ৰথম সপ্তাহৰ অন্তিম দিনা সদনত দাখিল কৰিব লাগিব।
Site Admin | August 28, 2024 10:03 AM | waqf