August 11, 2024 11:27 AM | Kiren Rijiju

printer

ৱাকফ সংশোধনী বিধেয়ক ২০২৪ৰ যুটীয়া সংসদীয় সমিতিয়ে সংসদৰ শীতকালীন অধিৱেশনত লোকসভাত প্রতিবেদন দাখিল কৰিব

কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে কৈছে যে, ৱাকফ সংশোধনী বিধেয়ক ২০২৪ৰ পৰ্যালোচনাৰ বাবে গঠন কৰা যুটীয়া সংসদীয় সমিতিয়ে সংসদৰ শীতকালীন অধিৱেশনৰ প্ৰথম সপ্তাহৰ শেষৰ দিনটোৰ ভিতৰত লোকসভাত প্রতিবেদন দাখিল কৰিব। সামাজিক মাধ্যমযোগে শ্ৰীৰিজিজুৱে কয় যে, যুটীয়া সংসদীয় সমিতিয়ে এই বিষয়ত শুনানিৰ তাৰিখ প্ৰকাশ কৰিব। এই ক্ষেত্ৰত কেৱল মুছলমান লোকসকলেই নহয়, বৰঞ্চ ইতিবাচকভাৱে সমিতিৰ কাৰ্য প্ৰণালীত অংশগ্ৰহণ কৰিব বিচৰা যিকোনো সংগঠন আৰু ব্যক্তিক আদৰণি জনোৱা হ’ব বুলি তেওঁ উল্লেখ কৰে। বিধেয়কখনক ভৱিষ্যদর্শী বিধেয়ক বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, মুছলমান সম্প্ৰদায়ৰ কল্যাণৰ অৰ্থে চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে, চৰকাৰে সংসদৰ বাজেট অধিৱেশনত বাক্‌ফ সংশোধনী বিধেয়ক ২০২৪ উত্থাপন কৰিছিল আৰু এই বিধেয়কখন অধিক বিচাৰ-বিবেচনাৰ বাবে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক