লোকসভাই আজি ৱাকফ সংশোধনী বিধেয়ক ২০২৪ চালি-জাৰি চোৱাৰ বাবে গঠন কৰিবলগীয়া যুটীয়া সমিতিৰ ২১-গৰাকী সদস্যৰ নাম সম্পর্কে এটা প্ৰস্তাৱ গ্ৰহণ কৰে। প্ৰস্তাৱ অনুসৰি এই সমিতিৰ সদস্যসকলব ভিতৰত জগদম্বিকা পাল, নিশিকান্ত ডুবে, তেজস্বী সূর্যা, দিলীপ শইকীয়া, গৌৰৱ গগৈ, ইমৰাণ মাছুদ, মহম্মদ জাভেদ, কল্যাণ বেনাৰ্জী আৰু আছাদুদ্দিন ওৱেছিক অন্তৰ্ভুক্ত কৰা হৈছে। সমিতিখনত ৰাজ্যসভাবো ১০গৰাকী সদস্য থাকিব। নিম্ন সদনত প্ৰস্তাৱটো উত্থাপন কৰি সংসদীয় পৰিক্ৰমা আৰু সংখ্যালঘু দপ্তৰৰ মন্ত্ৰী কিরেণ বিজিজুৱে কয় যে সমিতিখনে সংসদৰ পৰৱৰ্ত্তী অধিবেশনৰ প্ৰথম সপ্তাহৰ শেষৰ দিনা লোকসভাত প্রতিবেদন দাখিল কৰিব। বাজ্যসভাইও সমিতিখনত অন্তৰ্ভুক্ত কৰিবলগীয়া উচ্চ সদনৰ ১০গবাকী সদস্য সম্পর্কে এটা প্ৰস্তাৱ গ্ৰহণ কৰিছে। সমিতিখনত অন্তৰ্ভুক্ত কৰিবলগীয়া সদস্যসকলৰ ভিতৰত ব্রীজলাল, সঞ্জয় সিং, বাধা মোহন দাস আগৰৱাল আৰু ভি বিজয়ছাই ৰেড্ডী অন্যতম।
Site Admin | August 9, 2024 8:44 PM | waqf