ডাউনলোড
মোবাইল এপ

android apple
signal

ৱক্‌ফ সংশোধনী বিধেয়কৰ প্ৰতি দেশৰ প্ৰখ্যাত নেতাসকলৰ আদৰণি

লোকসভাত কালি গৃহীত ৱক্‌ফ সংশোধনী বিধেয়কৰ প্ৰতি দেশৰ প্ৰখ্যাত নেতাসকলে আদৰণি জনাইছে। আইনী ক্ষেত্ৰ আৰু বৌদ্ধিক মহলৰ বিজ্ঞ ব্যক্তিসকলে এই বিধেয়কৰ প্ৰতি তেওঁলোকৰ সমৰ্থন আগবঢ়াইছে। তেওঁলোকে কৈছে যে ইয়াৰ ফলত কেন্দ্ৰীয় আৰু ৰাজ্যিক ৱক্‌ফ ব’ৰ্ডৰ বিভিন্ন দুৰ্নীতি আৰু ন্যায়িক দিশৰ সমস্যাসমূহ সমাধান কৰিব পৰা যাব। আকাশবাণীৰ বাতৰি বিভাগৰ সৈতে হোৱা কথা-বতৰাত কৰ্ণাটকৰ ৰাজ্যিক সংখ্যালঘু আয়োগৰ অধ্যক্ষ আনোৱাৰ মণিপাডিয়ে কয়, যে এই বিধেয়কখন কাৰ্যকৰী হ’লে ৱক্‌ফ ব’ৰ্ডৰ যিকোনো ৰায় সন্দৰ্ভত জনসাধাৰণে উচ্চ আদালতৰ কাষ চপাৰ সুবিধা লাভ কৰিব।
লোকসভাই বিৰোধী পক্ষই উত্থাপন কৰা সংশোধনৰ প্ৰস্তাৱ খাৰিজ কৰি ৱক্‌ফ সংশোধনী বিধেয়ক ২০২৫ গৃহীত কৰিছে। লোকসভাত কালি ২৮৮ গৰাকী সাংসদে বিধেয়কখনৰ সপক্ষে আৰু ২৩২ গৰাকী সদস্যই ইয়াৰ বিপক্ষে ভোটদান কৰে। নিম্ন সদনত শেষ নিশালৈকে ১২ ঘণ্টাৰো অধিক সময় ধৰি বিধেয়কখনক লৈ আলোচনা কৰা হয়। ৱক্‌ফ সংশোধনী বিধেয়ক ২০২৫ৰ মূল উদ্দেশ্য হৈছে- ঐতিহ্যস্থলীসমূহৰ সুৰক্ষা আৰু সামাজিক কল্যাণ সুনিশ্চিত কৰা। এই বিধেয়কখনৰ জৰিয়তে ৱক্‌ফ পৰিষদৰ সা-সম্পত্তিৰ ব্যৱস্থাপনাৰ দিশটো অধিক স্বচ্ছ কৰি তোলাৰ লগতে ৱক্‌ফ পৰিষদ আৰু স্থানীয় কৰ্তৃপক্ষসমূহৰ মাজত সমন্বয় গঢ়ি তুলিবলৈ বিচৰা হৈছে। বিধেয়কখনত মুছলমান মহিলা বিশেষকৈ স্বামীহাৰা আৰু বিবাহ বিচ্ছেদিত মহিলাসকলৰ আৰ্থ-সামাজিক স্থিতি উন্নয়নৰ ব্যৱস্থা আছে।

অধিক পঢ়ক

সকলো চাওক