ভাৰতৰ ৰোহন বোপন্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনৰ যুটীটো ইটালিয়ান অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছ প্রি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। বোপন্না আৰু এবডেনৰ যুটীটোৱে কালি প্ৰতিযোগিতাৰ এখন খেলত ইটালীৰ ফ্ৰান্সেস্ক’ পাছাৰ’ আৰু মাতেঅ’ অর্নান্ডিক ৬-২, ৬-২ পোনপটীয়া ছেটত পৰাস্ত কৰে। দ্বিতীয় বাছনিপ্ৰাপ্ত বোপন্না আৰু এবডেনৰ যুটীটো আজি প্রি-কোৱাৰ্টাৰ ফাইনেলত ইটালীৰ ছিম’ন ব’লেলি আৰু এন্ড্রিয়া ৱাৱাচ্ছৰিৰ সন্মুখীন হ’ব।
Site Admin | May 14, 2024 11:39 AM | Tennis
ৰোহন বোপন্না-মেথিউ এবডেন ইটালিয়ান অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছ প্রি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ
