ডাউনলোড
মোবাইল এপ

android apple
signal

ৰোজগাৰ মেলা উপলক্ষে ৭১ হাজাৰতকৈও অধিক নিযুক্তি পত্ৰ বিতৰণ প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে ৰোজগাৰ মেলা উপলক্ষে ৭১ হাজাৰতকৈও অধিক নিযুক্তি পত্ৰ বিতৰণ কৰে। প্রধানমন্ত্ৰীগৰাকীয়ে বিগত ডেৰ বছৰত দেশত প্ৰায় ১০ লাখ লোকক চৰকাৰী সংস্থাপন দিয়া হৈছে বুলি সদৰী কৰে। তেওঁ কয়, যে এই নিযুক্তিসমূহ সম্পূর্ণ স্বচ্ছভাৱে প্ৰদান কৰা হৈছে আৰু নিযুক্তিপ্রাপ্তসকলে সম্পূর্ণ একাগ্ৰতাৰে দেশৰ সেৱাত ব্ৰতী হৈ আছে। দেশৰ মুঠ ৪৫টা স্থানত নিযুক্তি পত্র বিতৰণৰ বাবে ৰোজগাৰ মেলাৰ আয়োজন কৰা হয়। বিভিন্ন চৰকাৰী বিভাগ আৰু মন্ত্ৰালয়ৰ খালী পদ পূৰণৰ দিশত পদক্ষেপ হিচাপে এই ৰোজগাৰ মেলাসমূহত লাখ লাখ নিযুক্তি পত্ৰ বিতৰণ কৰা হয়। নিযুক্তিপ্রাপ্ত সকলে গৃহ পৰিক্ৰমা, উচ্চ শিক্ষা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, বিত্তীয় সেৱা আদি বিভাগত যোগদান কৰিব। পশ্চিমবংগত মুঠ ৫৩৫ জন, মধ্যপ্রদেশত ৮৭১ জন, মিজোৰামত ৯১ জন, গুজৰাটত ২৮৭ জনক কেন্দ্ৰৰ বিভিন্ন বিভাগত নিযুক্তি প্রদান কৰা হৈছে। গুজৰাটৰ গান্ধীনগৰত আয়োজিত ৰোজগাৰ মেলাত অংশ লৈ কেন্দ্ৰীয় মন্ত্রী ড০ মনসুখ মাণ্ডভিয়াই কয় যে চৰকাৰে স্বচ্ছতাৰে ১০ লাখ চাকৰি প্ৰত্যাশীক সংস্থাপনৰ লক্ষ্য বান্ধি লৈছে। হায়দৰাবাদত আয়োজিত ৰোজগাৰ মেলাত কেন্দ্ৰীয় মন্ত্ৰী কিষাণ ৰেড্ডী আৰু বান্ধি সঞ্জয় কুমাৰে অংশগ্ৰহণ কৰে।

অধিক পঢ়ক

সকলো চাওক