অসম চৰকাৰে ৰেস্তোৰাঁ, হোটেল ৰাজহুৱা অনুষ্ঠান আৰু আন সামাজিক স্থানত গো মাংসৰ ব্যৱহাৰ সম্পূৰ্ণ ৰূপে বন্ধ কৰাৰ কথা ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰি কালি কয়, যে কেবিনেট বৈঠকত বৰ্তমানৰ গো মাংস গ্ৰহণ কৰা আইনৰ সংশোধনত অনুমোদন জনোৱাৰ পিছত এই সিদ্ধান্ত চূড়ান্ত কৰা হয় ৷ মুখ্যমন্ত্ৰীয়ে কয়, যে কোনো ৰেস্তোৰাঁ, হোটেল অথবা ৰাজহুৱা স্থানত গো মাংস ব্যৱহাৰ কৰিবলৈ দিয়া নহ’ব। ইয়াৰ পূৰ্বেই মঠ, মন্দিৰৰ সমীপত গো মাংস ভক্ষন কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল ৷
Site Admin | December 5, 2024 1:09 PM | Brief Band