ডাউনলোড
মোবাইল এপ

android apple
signal

November 3, 2024 8:38 PM | Awashini Biashnav

printer

ৰেলৱেৰ উন্নয়ন ৰাজনীতিৰ উৰ্ধত হোৱা উচিত আৰু জনসাধাৰণৰ সামগ্রিক উন্নয়নত গুৰুত্ব আৰোপ কৰিব লাগেঃ কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ

কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৈছে যে, কেৰালাৰ অংমালিৰ পৰা এৰুমেলিলৈ মূল শাৰীবিন্যাস অনুসৰি ছবৰি ৰেলপথ নিৰ্মাণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ বদ্ধপৰিকৰ। ত্ৰিছু ৰেল ষ্টেছনত আজি দুপৰীয়া এটা অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰে এই প্ৰকল্প সন্দৰ্ভত ৰাজ্য চৰকাৰলৈ বিন্যাস প্ৰেৰণ কৰিব আৰু বিন্যাস পূৰণ কৰাৰ পাছত ইয়াক আগুৱাই নিয়া হ’ব। কেৰালা চৰকাৰৰ প্ৰস্তাৱিত দ্রুত গতিৰ কেৰেল প্ৰকল্প সন্দৰ্ভত শ্রীবৈষ্ণৱে কয় যে, এই প্ৰকল্পৰ সৈতে জড়িত পৰিবেশজনিত বিষয়সমূহ শীঘ্ৰে নিষ্পত্তি কৰা হলে এই প্রকল্পও আৰম্ভ কৰা হ’ব। কেন্দ্ৰীয় চৰকাৰ কেৰালাত ৰেলৱেৰ সামৰ্থ বৃদ্ধি কৰিবলৈ আগ্ৰহী বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, মেংলোৰৰ পৰা ছোৰৰলৈ তৃতীয় আৰু চতুৰ্থ আৰু ছোৰৰৰ পৰা কোট্টায়ম হৈ তিৰুৱনন্তপুৰমলৈ তৃতীয় ৰেলপথ নির্মাণত কেন্দ্ৰই বিশেষ গুৰুত্ব দিছে। তেওঁ কয় যে, ৰেলৱেৰ উন্নয়ন ৰাজনীতিৰ উৰ্ধত হোৱা উচিত আৰু জনসাধাৰণৰ সামগ্রিক উন্নয়নত গুৰুত্ব আৰোপ কৰিব লাগে ৷

অধিক পঢ়ক

সকলো চাওক