ৰে’লগাড়ীৰ টিকটৰ আগতীয়া সংৰক্ষণৰ ক্ষেত্ৰত ৰে’ল বিভাগে নতুনকৈ প্ৰৱৰ্তন কৰা নিয়ম আজিৰে পৰা কাৰ্যকৰী হৈছে। এই নতুন ব্যৱস্থা অনুসৰি আগতীয়া আসন সংৰক্ষণৰ সময়সীমা পূৰ্বৰ ১২০ দিনৰ পৰিৱৰ্তে ৬০ দিনলৈ হ্ৰাস কৰা হৈছে। অৱশ্যে যাত্রীসকলে যোৱা ৩১ অক্টোবৰ অৰ্থাৎ কালিলৈকে কৰা সংৰক্ষণৰ ক্ষেত্ৰত কোনোধৰণৰ পৰিৱৰ্তন নহয়।
ৰে’ল মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে আসন সংৰক্ষণৰ সময়সীমা ৬০ দিনলৈ হ্ৰাস কৰাৰ ফলস্বৰূপে টিকটৰ চোৰাং মজুতকৰণৰ সম্ভাৱনা হ্ৰাস পোৱাৰ লগতে প্রকৃত যাত্রীসকলে সুবিধা লাভ কৰাটো নিশ্চিত হ’ব। মন্ত্ৰ্যালয়ে লগতে প্ৰকাশ কৰা তথ্য অনুসৰি যাত্ৰাৰ তাৰিখৰ ৬১ দিনৰ পৰা ১২০ দিন পূর্বে যাত্রীসকলে সংৰক্ষণ কৰা টিকটৰ প্ৰায় ২১ শতাংশ টিকট সাধাৰণতে বাতিল কৰা হয় ৷
আনহাতে দিনৰ ভাগত যাত্ৰা সম্পন্ন কৰা তাজ এক্সপ্ৰেছ আৰু গোমতী এক্সপ্ৰেছৰ দৰে ৰে’লগাড়ীসমূহৰ ক্ষেত্ৰত পূৰ্বৰ দৰেই কম সময়ৰ আগতীয়া সংৰক্ষণৰ ব্যৱস্থা বাহাল থকাৰ লগতে বিদেশী পৰ্যটকসকলৰ ক্ষেত্ৰত প্ৰৱৰ্তন হৈ থকা ৩৬৫ দিনৰ আগতীয়া সংৰক্ষণ ব্যৱস্থাও অপৰিৱৰ্তিত হৈ থাকিব বুলি মন্ত্ৰ্যালয়ে প্ৰকাশ কৰিছে।
Site Admin | November 1, 2024 5:31 PM | Indian Railway | Indian Railway Dept. | rail | Railway