ৰেমল নামৰ ঘূৰ্ণী বতাহৰ প্ৰভাৱত কলকাতাত ১৫ চেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হৈছে। মহানগৰখনত এতিয়াও বৰষুণ দি আছে। কিছুমান অঞ্চলত গছ-গছনি উভালি পৰাৰ লগতে বাৰানগৰত এটা কাৰখানাৰ চিমনী ৰাস্তাৰ ওপৰত পৰি যোৱাৰ ফলত ভালেমান যান-বাহনৰ ক্ষতিসাধন হয়। এছপ্লান্ড আৰু পাৰ্ক ষ্ট্রীট মেট্রো ষ্টেচনৰ মাজত পানী জমা হোৱাৰ ফলত মেট্রো ৰেল সেৱা ব্যাহত হৈছে। উত্তৰ চৌবিছ পৰগনা জিলাৰ পথত ভালেমান গছ-গছনি উভালি পৰাৰ ফলত পথ যোগাযোগ ব্যাহত হৈছে। দক্ষিণ আৰু উত্তৰ চৌবিছ পৰগনা জিলাৰ উপকূল অঞ্চলসমূহত ৰেমলৰ প্ৰভাৱ হ্ৰাস পাইছে যদিও বৰ্তমান প্রতি ঘণ্টাত ৫০ৰ পৰা ৬০ কিলোমিটাৰ বেগত বতাহ বলি আছে। ইতিমধ্যে শিয়ালদহৰ পৰা স্থানীয় ৰে’ল সেৱা আৰম্ভ কৰা হৈছে। ইফালে, নেতাজী সুভাষ চন্দ্র বসু আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা বিমান চলাচল পুনৰ আৰম্ভ হৈছে। সুন্দৰবনৰ দাঁতিকাষৰীয়া অঞ্চলসমূহ জলমগ্ন হৈ পৰিছে। ঘূৰ্ণী বতাহৰ ফলত কলকাতা, বছিৰহাট আৰু ডায়মণ্ড হাৰবাৰ সংসদীয় সমষ্টিত নির্বাচনী প্ৰচাৰ ব্যাহত হৈছে।
Site Admin | May 27, 2024 6:16 PM | Remal