May 26, 2024 1:27 PM | remal cyclone

printer

ৰেমল নামৰ ঘূৰ্ণিবতাহজাক আজি মাজনিশালৈ বাংলাদেশ আৰু কাষৰীয়া পশ্চিমবংগৰ উপকূলভাগ পাৰ হৈ যোৱাৰ সম্ভাৱনা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কৈছে যে, উত্তৰ বঙ্গোপসাগৰত সৃষ্টি হোৱা ৰেমল নামৰ ঘূৰ্ণিবতাহজাক পশ্চিমবংগৰ সাগৰ দ্বীপপুঞ্জৰ পৰা প্ৰায় ২৭০ কিলোমিটাৰ দক্ষিণ পূৱত প্ৰচণ্ড ঘুৰ্ণিবতাহলৈ ৰূপান্তিৰত হৈছে। বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা মতে বতাহজাক উত্তৰ দিশলৈ গতি কৰিব আৰু প্ৰতিঘণ্টাত ১১০ ৰ পৰা ১৩৫ কিলোমিটাৰ বেগেৰে আজি মাজনিশালৈ বাংলাদেশ আৰু কাষৰীয়া পশ্চিমবংগৰ উপকূলভাগ পাৰ হৈ যোৱাৰ সম্ভাৱনা আছে।

        ইপিনে, কোলকাতা বিমান বন্দৰ কৰ্তৃপক্ষই ঘুৰ্ণি বতাজাকৰ সম্ভাৱ্য প্ৰভাৱলৈ চাই  আজি দুপৰীয়াৰ পৰা ২১ ঘণ্টাৰ বাবে বিমানৰ চলাচল বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ মুখপাতৰ্ই প্ৰকাশ কৰা মতে, এই সময়ছোৱাত বন্দৰটোৰ পৰা অহা যোৱা কৰা ৩৯৪ খন ঘৰুৱা আৰু আন্তৰাষ্ট্ৰীয় বিমানৰ সেৱা বন্ধ থাকিব।