ৰেমল ঘূৰ্ণী বতাহৰ প্ৰভাৱৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা আজি বন্ধ ৰখা হৈছে। অভ্যন্তৰীণ জল পৰিবহণ বিভাগে জাৰি কৰা নিৰ্দেশনা অনুসৰি কাইলৈও এই সেৱা বন্ধ থাকিব। সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ব্ৰহ্মপুত্ৰত ব্যক্তিগত নাৱৰ চলাচলো বন্ধ কৰা হৈছে। একেদৰে শিৱসাগৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ নিৰ্দেশ অনুসৰি পূব মধ্য বংগোপ সাগৰত বিকশিত হোৱা ঘূৰ্ণী বতাহৰ পৰিপ্ৰেক্ষিতত সতর্কবাণী জাৰি কৰা হৈছে। এই অনুযায়ী জিলাখনত সকলো ফেৰী সেৱা পৰিচলনা কৰা বিভাগ আৰু ব্যক্তিগত নাও, জাহাজক আজি আৰু কাইলৈ এই সেৱা বন্ধ ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে। অৱশ্যে অত্যাৱশ্যকীয় সেৱা, সাহায্য আৰু উদ্ধাৰ অভিযান কার্যসূচীসমূহক এই নিৰ্দেশত সামৰি লোৱা হোৱা নাই। এই সময়ছোৱাত ব্ৰহ্মপুত্ৰ নদী আৰু উপ নদীসমূহত মাছ ধৰাৰ লগতে সাঁতোৰকে ধৰি জলক্রীড়াসমূহ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে।
Site Admin | May 27, 2024 7:18 PM | Ferry Service Close