বংগোপ সাগৰত নিম্ন চাপ সৃষ্টিৰ ফলত উৎপত্তি হোৱা ৰেমল ঘূর্ণীবতাহজাকে কালি নিশা চাৰে ১০ বজাৰ পৰা চাৰে ১২ বজাৰ ভিতৰত সমুদ্র তীৰত খুন্দা মাৰে। আলিপুৰ ক্ষেত্ৰ ঘূৰ্ণীবতাহ সতৰ্ক কেন্দ্ৰৰ মুৰববী হাবিবুৰ বহমান বিশ্বাসে এই কথা প্রকাশ কৰিছে। এই ঘূর্ণীবতাহজাক আৰু কিছু সময়লৈ উত্তৰ দিশলৈ গতি কৰিব আৰু ইয়াৰ পাছত উত্তৰ-উত্তৰ-পূব দিশলৈ গতি কৰি লাহে লাহে ইয়াৰ প্ৰকোপ সাম কাটিব। কালি নিশা প্ৰায় চাৰে ৮ বজাত প্ৰতিঘণ্টাত ১১০ৰ পৰা ১২০ কিলোমিটাৰ বেগেৰে ঘূৰ্ণীবতাহজাক বাংলাদেশৰ খেপোপাৰা আৰু পশ্চিমবংগৰ সাগৰ দ্বীপপুঞ্জত প্ৰৱেশ কৰে। ঘূৰ্ণীবতাহৰ ফলত কলকাতাকে ধৰি দক্ষিণ বংগৰ সকলো জিলাতে ধুমুহা আৰু প্ৰবল বৃষ্টিপাতৰ বাতৰি পোৱা গৈছে। কলকাতাৰ বিভিন্ন স্থানত গছ-গছনি উভালি পৰাৰ লগতে বহুকেইটা পথ পানীৰে বুৰাই পেলাইছে। এণ্টেলি এলেকাৰ বিবি বাগান পথত এটা ঘৰৰ কিছু অংশ খহি পৰাৰ ফলত এজন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। আনহাতে বৰুণহাট আৰু পৰহাছনাবাদ নদীবান্ধত ফাট মেলাৰো বাতৰি পোৱা গৈছে। উত্তৰ পৰগানাৰ হাছনাবাদ আৰু হিংগালগঞ্জকে ধৰি এটা বৃহৎ এলেকাত প্ৰবল বৰষুণ হোৱাৰ লগতে দক্ষিণ পৰগানাৰ সাগৰ, নামখানা, কাকদীপ, পাথবপ্রতীমা, গোছাবা আদি অঞ্চলত বহু সংখ্যক গছ উভালি পৰাৰ লগতে কেইবাটাও পথ বন্ধ হৈ পৰিছে। বতৰ বিজ্ঞান বিভাগে আজি বিয়লি পর্যন্ত বৰষুণ অব্যাহত থাকিব পাৰে বুলি সতর্কতা জাৰি কৰিছে।
ইফালে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কালি নতুন দিল্লীত ঘূর্ণীবতাহৰ পৰিস্থিতি সন্দৰ্ভত এখন পর্যালোচনা বৈঠকত মিলিত হয়। মাছমৰীয়াসকলক দক্ষিণ বংগোপ সাগৰ আৰু আন্দামান সাগৰলৈ নাযাবলৈ সতৰ্ক কৰি দিয়াৰ লগতে সামুদ্রিক এলেকাৰ প্ৰায় ১ লাখ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰা হয়। কলকাতা বিমান বন্দৰ কৰ্তৃপক্ষই ঘূর্ণী বতাহজাকৰ পৰিপ্ৰেক্ষিতত কালি দুপৰীয়াৰ পৰা আজি পুৱাৰ ভাগলৈ বিমানৰ চলাচল বন্ধ ৰাখে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনত আজি নির্বাচনী প্ৰচাৰ কাৰ্যও বন্ধ কৰি দিয়া হৈছে।