ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাস মহোৎসৱ উপলক্ষে মাজুলীকে ধৰি ৰাজ্যৰ অন্যান্য অঞ্চলসমূহত ব্যাপক উৎসাহ উদ্দীপনা

ৰাজ্যৰ বিভিন্ন প্ৰান্তত অহা ১৫ নৱেম্বৰৰ পৰা শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ উদযাপনৰ বাবে প্ৰস্তুতি চলি আছে। শৰৎ কালৰ পূৰ্ণিমা তিথিত আয়োজন কৰা এই ৰাসলীলা বা ৰাস মহোৎসৱ উপলক্ষে মাজুলীকে ধৰি ৰাজ্যৰ অন্যান্য অঞ্চলসমূহতো উৎসাহ উদ্দীপনাৰ সৃষ্টি হৈছে। মাজুলীৰ দক্ষিণপাট সত্ৰৰ লগতে গড়মুৰ, আউনীআটী, বেঙেনাআটী, কমলাবাৰী আদি সত্ৰত পৰম্পৰাগত ৰীতি-নীতিৰে পালন কৰা ৰাস উৎসৱ মাজুলীৰ অন্যতম উৎসৱ আৰু দেশ বিদেশৰ পৰ্যটকসকলকো এই উৎসৱৰ বাৰেৰহনীয়া পৰম্পৰাই আকৰ্ষিত কৰে। গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত ৰাস সমিতিসমূহৰ উদ্যোগত ৰাসৰ আখৰাকে ধৰি অন্যান্য প্রস্তুতি চলাই থকা হৈছে। মহানগৰীৰ ওদালবাক্ৰাত জনজাতীয় যুৱ কল্যাণ পৰিষদৰ উদ্যোগত আয়োজন কৰা ৰাস মহোৎসৱত ১৫০টা মৃণ্ময় মূৰ্তিৰে শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ পালন কৰা হ’ব। নুনমাটিৰ ছেক্টৰ-২ খেলপথাৰত অঞ্চলবাসীৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলা উদযাপন কৰা হ’ব।
ইপিনে, উজনি অসমৰ লখিমপুৰকে ধৰি আন কেইবাখনো ঠাইত ৰাসলীলা উদযাপনৰ বাবে আখৰাকে ধৰি প্রস্তুতি চলি আছে। নামনি অসমৰ হাউলী, নলবাৰী, বজালীকে ধৰি বিভিন্ন অঞ্চলত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ উপলক্ষে যথাবিহিত ৰীতি-নীতিৰে পূজা অৰ্চনাৰ লগতে মৃণ্ময় মূৰ্তিৰ সহায়ত ৰাসলীলা পৰিবেশন কৰা হয়। বৰ্তমান সময়ত আটকধুনীয়া আলোকসজ্জা আৰু প্ৰযুক্তিৰ ব্যৱহাৰ কৰি এই ৰাসলীলা উপভোগ্য কৰি তোলা হয়।
শিৱসাগৰ জিলাৰ হাফলুটিং বৰনামঘৰ আৰু কলা-কৃষ্টি কেন্দ্ৰ পৰিচালনা সমিতিৰ উদ্যোগত অহা ১৪ নৱেম্বৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে শ্ৰীকৃষ্ণৰ ৰাসক্রীড়া মহোৎসৱৰ আয়োজন কৰা হৈছে। শ্ৰীমন্ত শংকৰদেৱৰ অনবদ্য সৃষ্টি ভাওনাৰ মাধ্যমেৰে আৰম্ভ হ’বলগীয়া ৭০ সংখ্যক মহোৎসৱৰ প্ৰথম দিনাৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰি বৰনামঘৰৰ নৱনিৰ্মিত কীৰ্তন গৃহৰ আনুষ্ঠানিকভাৱে মুকলি কৰিব বুলি উদ্যোক্তাসকলে জনাইছে। ৰাসক্রীড়া মহোৎসৱৰ পাছত ১৬ নৱেম্বৰৰ পৰা ২৩ নৱেম্বৰলৈ অসম ভিত্তিত ভাওনা প্রতিযোগিতা অনুষ্ঠিত হ’ব। ইয়াৰ লগতে জিলাখনৰ দিখৌমুখ মিলিত শিল্পী সমাজেও এইবাৰ আঞ্চলিক ভিত্তিত ৰাসৰ আয়োজন কৰিছে।

অধিক পঢ়ক

সকলো চাওক