ডাউনলোড
মোবাইল এপ

android apple
signal

November 15, 2024 7:51 PM | Air Exhibition

printer

ৰাস পূর্ণিমা উপলক্ষে ৰাজ্যৰ প্রান্তে প্রান্তে উৎসাহ-উদ্দীপনা

আজি ৰাস পূর্ণিমা। শৰৎকালৰ এই মনোৰম পূর্ণিমাত পালন কৰা ৰাস মহোৎসৱক কেন্দ্ৰ কৰি ৰাজ্যৰ প্রান্তে প্রান্তে উৎসাহ-উদ্দীপনাই বিৰাজ কৰিছে। বৰপেটা জিলাত আজিৰে পৰা কেইবাখনো উল্লেখযোগ্য ৰাসৰ আয়োজন কৰা হৈছে। ইয়াৰ ভিতৰত হাউলী, বৰপেটা ৰোড আৰু নগাঁৱৰ ৰাস মহোৎসৱ অন্যতম। উল্লেখযোগ্য যে হাউলী ৰাস মহোৎসৱে এইবাৰ ৯৭ সংখ্যক বৰ্ষত ভৰি দিছে। একেদৰে বৰপেটা ৰোড ৰাস মহোৎসৱ ৯৪ সংখ্যক বছৰৰ বাবে আয়োজন কৰা হৈছে। যিহেতু পশ্চিম অসমত মূৰ্তিক কেন্দ্ৰ কৰি ৰাস পালন কৰা হয়, সেইবাবে ৰাসথলীসমূহত আকর্ষণীয়ভাৱে মৃণ্ময় মূর্তিসমূহ সজাই তোলা হৈছে। ৰাসৰ কাৰ্যসূচী সুচাৰুৰূপে উদযাপনৰ বাবে জিলা প্ৰশাসন আৰক্ষীয়ে বিশেষ সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। একেদৰে মঙলদৈতো সনাতন ধর্মসভাৰ প্ৰাংগণত দহদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীকৃষ্ণৰ ৰাস উৎসৱৰ আয়োজন কৰা হৈছে। ধুবুৰী, বিলাসীপাৰা, শিৱসাগৰ, চাৰিং, তেজপুৰ, মৰিগাঁও, গোৱালপাৰা, বাক্সা, নলবাৰী ইত্যাদি ঠাইসমূহৰ পৰাও ৰাস উৎসৱ আয়োজনৰ খবৰ আমালৈ আহিছে। নলবাৰীৰ শ্ৰীশ্ৰী হৰিমন্দিৰৰ উদ্যোগত আজিৰে পৰা ১৩ দিনীয়া কাৰ্যসূচীৰে ৰাস মহোৎসৱ অনুষ্ঠিত হৈছে।

গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত আজিৰে পৰা মূৰ্তি আৰু মানৱীয় অভিনয়ৰ মাধ্যমেৰে শ্ৰীকৃষ্ণ ৰাসলীলা উপস্থাপন কৰা হৈছে। নুনমাটি, নিউ গুৱাহাটী, ওদালবাক্রা, ফটাশিল আমবাৰী, গড়চুক ইত্যাদি মহানগৰীৰ বিভিন্ন প্ৰান্তত ৰাস মহোৎসৱৰ কেইবাদিনীয়া কাৰ্যসূচীৰ আজি আৰম্ভ হৈছে। অন্যহাতে মাজুলীৰ বিভিন্ন সত্ৰসমূহত কালিৰে পৰাই ৰাস মহোৎসৱৰ কাৰ্যসূচী আৰম্ভ হৈছে যদিও আজিৰে পৰা দক্ষিণপাট, আউনিআটী, গড়মূৰ, উত্তৰ কমলা, বেঙেনাআটী, চামগুৰি, এলেংগি নৰসিংহ আদি সত্ৰসমূহকে ধৰি স্থায়ী আৰু অস্থায়ী সকলো ৰংগমঞ্চতে ৰাসলীলা অভিনয়ৰ আৰম্ভ হ’ব। নগাঁও জিলাতো আজিৰে পৰা বিভিন্ন কাৰ্যসূচীৰে শ্ৰীশ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ অনুষ্ঠিত হ’ব। ৰাজ্যৰ অন্যান্য ঠাইত ৰাসলীলা অভিনয়ত অতুল চন্দ্ৰ হাজৰিকাৰ সৃষ্টিক মূল আধাৰ হিচাপে লোৱা হৈ যদিও নগাঁৱত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অপূৰ্ব সৃষ্টি কেলিগোপাল নাটৰ আধাৰত ৰাস মহোৎসৱ অনুষ্ঠিত কৰা হয়। জিলাখনৰ বিভিন্ন স্থানত ৪ৰ পৰা ৫দিনীয়াকৈ ৰাস মহোৎসৱ পালন কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক