ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ বিভিন্ন অঞ্চলত আজি পুৱাৰ ভাগত পাতলীয়া বৰষুণ হয়। অৱশ্যে কুঁৱলীৰ বাবে মহানগৰখনৰ দৃশ্যমানতা হ্ৰাস পায়। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি আজি পুৱা ৮ বজাত চফদজং ষ্টেচনত সর্বনিম্ন তাপমাত্রা ১১ দশমিক ৪ ডিগ্রী ছেলচিয়াছ ৰেকৰ্ড কৰা হয়। বতৰ বিজ্ঞান বিভাগে দিল্লীত কাইলৈও ধুমুহাৰ সৈতে বৰষুণ হোৱাৰ পূৰ্বভাষ প্ৰকাশ কৰিছে।
বৰষুণ হোৱা স্বত্বেও ৰাষ্ট্ৰীয় ৰাজধানীখনৰ বায়ুৰ গুণাগুণ আজিও নিম্নগামী হৈ আছে।
Site Admin | December 27, 2024 5:58 PM | Delhi rain
ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ বিভিন্ন অঞ্চলত পাতলীয়া বৰষুণ
