দিল্লী আৰক্ষীয়ে ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল আৰু ইয়াৰ কাষৰীয়া এলেকাসমূহৰ কেইবাখনো বিদ্যালয়ত বোমা সংস্থাপন কৰা বুলি অচিনাক্ত লোকে বিয়পোৱা বাৰ্তাটোক ভুৱা বুলি অভিহিত কৰিছে। এই বিদ্যালয় কেইখনে ই-মেইলৰ জৰিয়তে বাৰ্তাটো লাভ কৰাৰ পাছত সম্প্ৰতি বিষয়টোক লৈ অনুসন্ধান চলি আছে বুলি সদৰি কৰি আৰক্ষীয়ে জানিবলৈ দিয়া মতে এই বাতৰি যুগুতোৱাৰ পৰলৈ আৰক্ষীৰ অভিযানত কোনোধৰণৰ সন্দেহজনক সামগ্ৰী উদ্ধাৰ হোৱা নাই। কেন্দ্রীয় গৃহ মন্ত্ৰ্যালয়ে প্রকাশ কৰা মতে দিল্লী আৰক্ষী আৰু নিৰাপত্তা সংস্থাসমূহে এই সন্দৰ্ভত প্রয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ইপিনে দিল্লীৰ উপ ৰাজ্যপাল বিৰাট কুমাৰ ছাক্সেনাই এই সন্দৰ্ভত এটা বিস্তৃত প্রতিবেদন দাখিল কৰিবলৈ দিল্লীৰ আৰক্ষী আয়ুক্ত সঞ্জয় আৰোৰাক নিৰ্দেশ দিছে। এই ঘটনাৰ সৈতে জড়িত দুর্বৃত্তক সাৰি যাবলৈ দিয়া নহ’ব বুলি উল্লেখ কৰি শ্ৰীছাক্সেনাই অপৰাধীক শীঘ্ৰে চিনাক্ত কৰাৰ লগতে বিষয়টোক লৈ কোনোধৰণৰ শ্ৰুতি-বিচ্যুতি নোহোৱাটো নিশ্চিত কৰিবলৈ দিল্লী আৰক্ষীক নিৰ্দেশ দিয়ে। আনহাতে দিল্লীৰ শিক্ষামন্ত্রী আতিশীয়ে জানিবলৈ দিয়া মতে বোমা সংস্থাপনৰ বাৰ্তা লাভ কৰাৰ পাছতেই বিদ্যালয়ৰ চৌহদ খালী কৰি তালাচী অভিযান চলোৱা হয়। এই বাতৰি যুগুতোৱাৰ পৰলৈ কোনো এখন বিদ্যালয়তে কোনে সন্দেহজনক সামগ্রী উদ্ধাৰ হোৱা নাই বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, দিল্লী চৰকাৰে আৰক্ষী আৰু বিদ্যালয়সমূহৰ সৈতে সততে যোগাযোগ ৰক্ষা কৰি আছে।
Site Admin | May 1, 2024 7:20 PM | Delhi Police
ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ বিভিন্ন বিদ্যালয়ত বোমা সংস্থাপনৰ বাতৰি ভুৱা বুলি দিল্লী আৰক্ষীৰ প্ৰকাশ
