July 14, 2024 1:15 PM | Green Hydrogen

printer

ৰাষ্ট্ৰীয় সেউজ হাইড্ৰ’জেন অভিযান আঁচনিৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰৰ ২০৩০ চনৰ ভিতৰত নৱীকৰণযুক্ত শক্তিৰ জৰিয়তে ৫০০ গিগাৱাট শক্তি উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ

কেন্দ্ৰীয় চৰকাৰে ২০৩০ চনৰ ভিতৰত নৱীকৰণযুক্ত শক্তিৰ জৰিয়তে ৫০০ গিগাৱাট শক্তি উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ লগতে ৰাষ্ট্ৰীয় সেউজ হাইড্ৰ’জেন অভিযান নামেৰে এখন অভিলাষী আঁচনি গ্ৰহণ কৰিছে। অসম প্ৰযুক্তি বিদ্যা আৰু পৰিৱেশ পৰিষদৰ সঞ্চালক ড০ জয়দীপ বৰুৱাই কালি যোৰহাট বিজ্ঞান চ’ৰাৰ ৰূপালী জয়ন্তী বৈঠকত অংশগ্ৰহণ কৰি কয় যে, এই আঁচনিৰ অধীনত দেশৰ ছয় লাখ নিবনুৱাই কৰ্মসংস্থাপন লাভ কৰিব। অসমত সেউজ হাইড্ৰ’জেন, সম্ভাৱনা আৰু প্ৰত্যাহ্বান শীর্ষক বক্তৃতা প্ৰদান কৰি শ্ৰী বৰুৱাই অসমতো সেউজ হাইড্ৰ’জেন উৎপাদন গোট ইতিমধ্যে আৰম্ভ হৈছে বুলি উল্লেখ কৰে। পাঁচ নিযুত মেট্রিকটন সেউজ হাইড্ৰ’জেন উৎপাদনৰ যোগেদি বছৰি ৫০ নিযুত মেট্রিকটন সেউজ গৃহ গেছ হ্ৰাস কৰিব পাৰি বুলি শ্ৰী বৰুৱাই উল্লেখ কৰে। আনহাতে যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অনুষ্ঠানতে বিজ্ঞান চ’ৰাৰ ২৫টা আলোচনাৰ সংকলনৰূপে প্ৰকাশ কৰা চিন্তন নামৰ গ্ৰন্থখন অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাই উন্মোচন কৰে। ইপিনে এই অনুষ্ঠানৰ লগতে ৰাজ্য চৰকাৰৰ এছটেক আৰু বিজ্ঞান প্ৰযুক্তি তথা জলবায়ু পৰিৱৰ্তন বিভাগৰ পৃষ্ঠপোষকতাত যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ উদ্যোগত অনুষ্ঠিত পাঁচ দিনীয়া ৰব’টিক আৰু ইলেকট্রনিক্স প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানো সম্পন্ন হয়।

অধিক পঢ়ক

সকলো চাওক