ডাউনলোড
মোবাইল এপ

android apple
signal

January 12, 2025 6:42 PM | PM Modi @Youth Day

printer

ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে বিকশিত ভাৰত যুৱ নেতা আলোচনা,২০২৫ ত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ

ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে নতুন দিল্লীত অনুষ্ঠিত হোৱা বিকশিত ভাৰত যুৱ নেতা আলোচনা,২০২৫ ত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিছে। শ্ৰী মোদীয়ে অনুষ্ঠানত এখন প্ৰদৰ্শনী পৰিদৰ্শন কৰি যুৱ নেতাসকলৰ সৈতে মত বিনিময় কৰে। তেওঁলোকে প্রধানমন্ত্ৰীৰ আগত বিকশিত ভাৰতৰ বাবে তেওঁলোকৰ দৃষ্টিভংগীৰ উপস্থাপন প্রদর্শন কৰিছে। এই উপস্থাপনসমূহে ভাৰতৰ কিছুমান অতি জৰুৰী প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ উদ্ভাৱনীমূলক ধাৰণা আৰু সমাধানসমূহ প্ৰতিফলিত কৰে। ৰাষ্ট্ৰৰ ভৱিষ্যত নেতাসকলক অনুপ্রাণিত, প্ৰেৰণা আৰু সবলীকৰণৰ বাবে প্ৰস্তুত কৰা একাধিক কাৰ্যসূচীত শ্রী মোদীয়ে অংশগ্ৰহণ কৰিছে । শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা তিনিদিনীয়া অনুষ্ঠানটোৱে যুৱক-যুৱতীসকলৰ বাবে বিকশিত ভাৰতৰ বাবে অভিনৱ সমাধান দাঙি ধৰাৰ এক অনন্য মঞ্চ প্রদান কৰিছে। এই অনুষ্ঠানৰ সময়ত প্রধানমন্ত্ৰী মোডীয়েৰ দেশৰ বিভিন্ন প্ৰান্তৰ তিনি হাজাৰ প্ৰাণৱন্ত যুৱ নেতাৰ সৈতে মিলিত হব। প্রধানমন্ত্রীয়েও যুৱ নেতাসকলৰ সৈতে দুপৰীয়াৰ আহাৰ গ্রহণ কৰিব, যাৰ ফলত তেওঁলোকে তেওঁলোকৰ ধাৰণা, অভিজ্ঞতা, আকাংক্ষাসমূহ পোনপটীয়াকৈ প্রধানমন্ত্রী সৈতে ভাগ-বতৰা কৰাৰ সুযোগ লাভ কৰিব। প্ৰধানমন্ত্ৰীয়ে লগতে আলোচনাত অংশগ্ৰহণকাৰীসকলে দহটা বিষয়ত লিখা শ্ৰেষ্ঠ ৰচনাৰ সংকলন ও তেওঁ মুকলি কৰাৰ কথা। এই বিষয়বস্তুসমূহে প্রযুক্তি, বহনক্ষমতা, মহিলা সবলীকৰণ, উৎপাদন, আৰু কৃষি আদি বিভিন্ন ক্ষেত্ৰ সামৰি লৈছে।

অধিক পঢ়ক

সকলো চাওক