বৃহস্পতিবাৰে নিশা ৯২ বছৰ বয়সত দেহাৱসান ঘটা প্রাক্তন প্রধানমন্ত্রী ড° মনমোহন সিঙৰ শেষকৃত্য সম্পূৰ্ণ ৰাষ্ট্ৰীয় মর্যাদাৰে আজি দিল্লীৰ নিগমবোধ ঘাটত সম্পন্ন হয়। অন্ত্যেষ্টিক্ৰিয়াৰ পূৰ্বে শিখ পুৰোহিত আৰু প্রাক্তন প্রধানমন্ত্ৰীগৰাকীৰ পৰিয়ালৰ লোকে গুৰুবাণী পাঠ কৰে। সামৰিক অভিবাদনৰ পাছত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্রী অমিত শ্বাহ, স্বাস্থ্য মন্ত্ৰী জগত প্ৰকাশ নাড্ডা আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ড° সিঙৰ প্ৰতি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গে, ছোনিয়া গান্ধী, ৰাহুল গান্ধীৰ লগতে অন্যান্য নেতাসকলেও প্রাক্তন প্রধানমন্ত্ৰীগৰাকীৰ নশ্বৰ দেহত পুষ্পাঞ্জলি তৰ্পণ কৰে। স্থল সেনাধ্যক্ষ জেনেৰেল উপেন্দ্ৰ দ্বিবেদী, নৌসেনাৰ মুৰব্বী এডমিৰেল দীনেশ কে ত্রিপাঠী, বায়ুসেনা মুৰব্বী এয়াৰ চীফ মার্শ্বেল অমৰপ্ৰীত সিং, ভূটানৰ ৰজা জিগমে খেচাৰ নামগিয়াল ৱাংচুক আৰু মৰিচাচৰ বিদেশ মন্ত্ৰী ধনঞ্জয় ৰামফুলেও প্রাক্তন প্রধানমন্ত্ৰীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে।
ইয়াৰ আগতে ড° মনমোহন সিঙৰ নশ্বৰ দেহ পুষ্পসজ্জিত বাহনেৰে শোভাযাত্ৰা কৰি মতিলাল নেহৰু মাৰ্গৰ বাসভৱনৰ পৰা আকবৰ ৰোডত থকা কংগ্ৰেছৰ মুখ্য কাৰ্যালয়লৈ নিয়া হয়। কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত দলীয় নেতা-কর্মীসকলে প্ৰয়াত নেতাগৰাকীলৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। কেন্দ্রীয় মন্ত্রীসভাই প্রয়াত প্রধানমন্ত্রী ড° মনমোহন সিঙৰ সমাধি নিৰ্মাণৰ বাবে ভূমি আৱণ্টনত অনুমোদন জনাইছে। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কালি নতুন দিল্লীত এই কথা প্ৰকাশ কৰি কয়, যে কংগ্ৰেছ অধ্যক্ষ মল্লিকার্জুন খাৰ্গে কৰা অনুৰোধ মৰ্মে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় মন্ত্ৰীসভাৰ বৈঠকে দিল্লীৰ এডোখৰ সুবিধাজনক স্থানত ইয়াৰ বাবে ভূমি আৱণ্টনৰ সিদ্ধান্ত লয়।