আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। এই দিৱসৰ লগত সংগতি ৰাখি গোলাঘাট, তিনিচুকীয়াকে ধৰি ৰাজ্যৰ বিভিন্ন জিলাত বিস্তৃত কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। তিনিচুকীয়াত জিলা প্ৰশাসনৰ সৌজন্যত জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ত বৃহত্তৰ তিনিচুকীয়া সাংবাদিক সন্থা আৰু জার্নেলিষ্ট ইউনিয়ন অব্ আছামৰ তিনিচুকীয়া জিলা সমিতিয়ে প্ৰেছ দিৱসৰ আয়োজন কৰিছে। এই উপলক্ষে জিলা আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপে দিনৰ ১১ বজাত সাংবাদিকৰ বাবে বিনামূলীয়া স্বাস্থ্য শিবিৰ মুকলি কৰিব। জিলা আয়ুক্তৰ কাৰ্যালয়ত মূল আলোচনাচক্ৰ আৰু সম্বৰ্ধনা অনুষ্ঠানৰো আয়োজন কৰা হৈছে। একেদৰে গোলাঘাটতো জিলা প্ৰশাসনৰ লগতে জিলা তথ্য আৰু জনসংযোগ বিভাগে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালনৰ দিহা কৰিছে। গোলাঘাট আৱৰ্ত ভৱনৰ প্ৰেক্ষাগৃহত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ মূল বাণী ‘সংবাদ মাধ্যমৰ পৰিৱৰ্তিত ৰূপ’ শীৰ্ষক এখন আলোচনাচক্ৰৰো আয়োজন কৰা হৈছে। ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি তথ্য আৰু জনসংযোগ সঞ্চালকালয়ে ৰাজ্যিক ভিত্তিত বিস্তৃত কাৰ্যসূচী ৰূপায়ণৰ দিহা কৰিছে। দিছপুৰত লোকনিৰ্মাণ বিভাগৰ সন্মিলন আৰু প্ৰশিক্ষণ কেন্দ্ৰত আয়োজন কৰা অনুষ্ঠানত তথ্য, জনসংযোগ, মুদ্ৰণ আৰু লেখন সামগ্ৰী বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। অনুষ্ঠানটোত প্ৰাক্তন আৰক্ষী সঞ্চালকপ্ৰধান ড° কুলধৰ শইকীয়াই নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰিব ।
Site Admin | November 16, 2024 11:15 AM | Press Day