September 16, 2024 7:28 PM | Akashvani | Pushan Maah

printer

বোকাখাটৰ সাপজুৰিত ৰাষ্ট্ৰীয় পোষণ মাহ ২০২৪ৰ লগত সংগতি ৰাখি বিশেষ কাৰ্যসূচী ৰূপায়ণ

দেশজুৰি চলি থকা ৰাষ্ট্ৰীয় পোষণ মাহ ২০২৪ৰ লগত সংগতি ৰাখি আজি পশ্চিম গোলাঘাট সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত বোকাখাটৰ সাপজুৰিত বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। স্থানীয় অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী তথা সহায়িকাসকলৰ লগতে শিশু উন্নয়ন প্রকল্প বিষয়া, কৰ্মচাৰী, পৰিদৰ্শক আৰু স্থানীয় ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত মন্ত্ৰী অতুল বৰাই অংশ গ্ৰহণ কৰে। মন্ত্ৰী শ্ৰীবৰাই অনুষ্ঠানত ভাষণ দি গৰ্ভৱতী মহিলাই লবলগীয়া সাৱধানতা আৰু সন্তানৰ লালন-পালনৰ ক্ষেত্ৰত থাকিবলগা সজাগতাত গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানত অঙ্গনবাড়ী কর্মীসকলে পুষ্টিহীনতা আৰু এনিমিয়া ৰোগ বিষয়ক এখন নাটকো মঞ্চস্থ কৰে।

অধিক পঢ়ক

সকলো চাওক