প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ ৱৰ্ধাত পি এম বিশ্বকৰ্মা আঁচনিৰ এবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ৰাষ্ট্ৰীয় ‘পি এম বিশ্বকৰ্মা’ কাৰ্যসূচী মুকলি কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে ‘পি এম বিশ্বকর্মা’ আঁচনিৰ হিতাধিকাৰীসকলক প্ৰমাণ পত্ৰ আৰু ঋণ মোকলাই দিয়ে। এই আঁচনিৰ অধীনত শিল্পীসকলক দিয়া প্রতিশ্ৰুতিৰ প্ৰতীক হিচাপে তেওঁ ১৮টা খণ্ডৰ ১৮জন হিতাধিকাৰীক ঋণ প্ৰদান কৰে। শ্ৰী মোদীয়ে লগতে এই আঁচনিৰ সৈতে সংগতি ৰাখি এটা স্মাৰক ডাকটিকটো মুকলি কৰে। প্রধানমন্ত্রী মোদীয়ে ইয়াৰ পাছত মহাৰাষ্ট্ৰৰ অমৰাৱতীত পি এম মেগা ইন্টিগ্রেটেড টেক্সটাইল ৰিজিঅ’নছ এণ্ড এপাৰেল পি এম মিত্ৰ পাৰ্কৰ আধাৰশিলা স্থাপন কৰিব। ১০০০ একৰ ভূমিত মহাৰাষ্ট্ৰ ঔদ্যোগিক উন্নয়ন নিগমে এই উদ্যানখন গঢ়ি তুলিছে । ভাৰতক বস্ত্ৰ উৎপাদন আৰু ৰপ্তানিৰ ক্ষেত্ৰত বিশ্বব্যাপী কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ দৃষ্টিভংগীক বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত পি এম মিট্র উদ্যান উল্লেখনীয় পদক্ষেপ হিচাপে পৰিলক্ষিত হৈছে। ই বিশ্বমানৰ ঔদ্যোগিক আন্তঃগাঁথনি সৃষ্টি কৰাত সহায় কৰিব যিয়ে প্রত্যক্ষ বিদেশী বিনিয়োগকে ধৰি বৃহৎ পৰিসৰত বিনিয়োগকাৰীক আকৰ্ষণ কৰিব আৰু খণ্ডটোৰ ভিতৰত উদ্ভাৱন আৰু নিয়োগ সৃষ্টিত সহায় কৰিব। প্ৰধানমন্ত্ৰী মোডীয়ে মহাৰাষ্ট্ৰ চৰকাৰৰ “আচার্য চাণক্য দক্ষতা বিকাশ কেন্দ্র” আঁচনিও মুকলি কৰিব। এই আঁচনিৰ অধীনত ১৫ৰ পৰা ৪৫ বছৰ বয়সৰ যুৱক-যুৱতীসকলক প্ৰশিক্ষণ প্ৰদানৰ বাবে ৰাজ্যখনৰ উল্লেখযোগ মহাবিদ্যালয়সমূহত দক্ষতা বিকাশ প্রশিক্ষণ কেন্দ্ৰ স্থাপন কৰা হ’ব, যাৰ ফলত তেওঁলোকে স্বাৱলম্বী হ’ব পাৰিব। শ্রী মোদীয়ে “পুন্যাশ্বলক অহিল্যদেৱী হোলকাৰ মহিলা ষ্টার্টআপ আঁচনি”ও মুকলি কৰিব। এই আঁচনিৰ অধীনত মহাৰাষ্ট্ৰৰ মহিলা নেতৃত্বাধীন ষ্টার্টআপক প্ৰাৰম্ভিক পৰ্যায়ত ২৫ লাখ টকা পর্যন্ত আর্থিক সাহায্য প্ৰদান কৰা হ’ব। এই আঁচনিৰ অধীনত ২৫ শতাংশ হিতাধিকাৰী পিছপৰা শ্ৰেণী আৰু অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ মহিলাৰ বাবে সংৰক্ষিত হ’ব। এই পদক্ষেপে মহিলা নেতৃত্বাধীন ষ্টার্টআপসমূহক স্বাৱলম্বী হোৱাত সহায় কৰিব বুলি আশা কৰা হৈছে।
Site Admin | September 20, 2024 6:01 PM | PM Viswakarma