ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ক আনুষ্ঠানিক স্বীকৃতিৰে প্ৰতিবছৰে স্নাতক পাঠ্যক্ৰমত ১০০ খন আসনত নামভৰ্তিত অনুমোদন

ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে স্বীকৃতি প্ৰদান কৰি প্ৰতিবছৰে স্নাতক পাঠ্যক্ৰমত ১০০ খন আসনত নামভৰ্তিত অনুমোদন জনাইছে। ইয়াৰ ফলত ৰাজ্যখনত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ১৩ লৈ বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি এই বিষয়ে প্ৰকাশ কৰি ৰাজ্যৰ চিকিৎসা ব্যৱস্থাৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। তেঁও লগতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো কৃতজ্ঞতা জ্ঞাপন কৰে। ড° শৰ্মাই কয় যে চিকিৎসা ক্ষেত্ৰত এই মাইলৰ খুটিয়ে ৰাজ্যত স্বাস্থ্য সেৱা, শিক্ষা আৰু সেৱা সম্প্ৰসাৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত হ’ব।

অধিক পঢ়ক

সকলো চাওক