ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাষ্ট্ৰীয় ক্রীড়াত অসমৰ ভাৰোত্তোলক মৃদুস্মিতা বৰুৱাৰ ৰূপৰ পদক অৰ্জন; অসমৰ পদক ১৩ টালৈ বৃদ্ধি

ৰাষ্ট্ৰীয় ক্রীড়াত অসমৰ ভাৰোত্তোলক মৃদুস্মিতা বৰুৱাই আজি ৰূপৰ পদক অৰ্জন কৰে। ভাৰোত্তোলকগৰাকীয়ে ৮৭ কিলোগ্রাম শাখাত ভাগ লৈ স্লেটছত ৯৫ কিলোগ্ৰাম আৰু ক্লিন এণ্ড জাৰ্কত ১১৩ কিলোগ্রাম ভাৰোত্তোলনেৰে ৰূপৰ পদক দখল কৰিবলৈ সক্ষম হৈছে। মৃদুস্মিতা বৰুৱাৰ সফলতাৰে উত্তৰাখণ্ডত চলি থকা ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহত অসমৰ পদক ১৩ টালৈ বৃদ্ধি পাইছে। আজি কমনৱেল্থ গেমছত লন বলত পদক লাভ কৰা নয়নমণি শ‍ইকীয়াও খেলি আছে। একেটা প্রতিযোগিতাৰ মহিলাৰ দলীয় শাখাতো আজি অসম দলে প্রতিদ্বন্দিতা কৰিছে। আজিৰ দিনটোতে অসমৰ অলিম্পিয়ান বক্সাৰ শিৱ থাপা আৰু আন্তৰাষ্ট্ৰীয় মহিলা বক্সাৰ অংকুশিতা বড়োৱে ৰাষ্ট্ৰীয় খেলৰ অভিযান আৰম্ভ কৰিছে। অংকুশিতা বড়োৱে ৬৬ কিলোগ্রাম শাখাত ভাগ লৈ কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা অর্জন কৰিছে। একেদৰে শিৱ থাপাইও ৬৩.৫ পইণ্ট কিলোগ্রাম শাখাত, আইকন মিলিয়ে মহিলাৰ ৫৪ কিলোগ্রাম শাখাত প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে।
অসমে কালি ৩টা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰে। ইয়াৰে ভিতৰত অসমে সাঁতোৰত দুটা, ভাৰোত্তলনত আৰু উদ্ভুত একোটাকৈ পদক অৰ্জন কৰে। বিক্ৰম চাংমাই পুৰুষৰ ২০০ মিটাৰ বাটাৰফ্লাইত ৰূপৰ পদক লাভ কৰে আৰু মহিলাৰ একেটা শিতানত আস্থা চৌধুৰীয়ে ব্ৰঞ্জৰ পদক হস্তগত কৰে। ভাৰোত্তোলনত সুদিত্য বৰুৱাই কালি অসমক তৃতীয়টো পদক দিয়ে। সুদিত্যই পুৰুষৰ ৮৯ কিলোগ্রাম ওজন শাখাত স্নেছ শিতানত ১৪১ কিলোগ্ৰাম আৰু ক্লিন এণ্ড জার্ক শিতানত ১৭৮ কিলোগ্রাম ভাৰোত্তোলন কৰি ৰূপৰ পদক লাভ কৰে। একেদৰে ক্ষুদ্ৰ পাংগিঙে উশ্বৰ ৭৫ কিলোগ্রাম ওজন শাখাৰ চান্দা ফ্ৰিষ্টাইলৰ ফাইনেলত পৰাজিত হৈ ৰূপৰ পদকতে ক্ষান্ত থাকিবলগীয়া হয়।
ইপিনে, অসমৰ পুৰুষ ফুটবল দলটোৱে উত্তৰাখণ্ডক ১-০ গ’লত পৰাস্ত কৰি ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহৰ ফুটবলৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। কাইলৈ অসমে মিজোৰামৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। লক্ষণীয়ভাৱে অসমৰ ফুটবল দলটোৱে সুদীর্ঘ ১৮ বছৰৰ পিছত এইবাৰ ৰাষ্ট্ৰীয় ক্রীড়াৰ বাবে যোগ্যতা অৰ্জন কৰিছে। অসম দলে ২০০৭ চনত গুৱাহাটীত অনুষ্ঠিত ৰাষ্ট্ৰীয় ক্রীড়াত স্বৰ্ণৰ পদক অৰ্জন কৰিছিল।

অধিক পঢ়ক

সকলো চাওক