বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে আজি ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ ৭৯ সংখ্যক অধ্যক্ষ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ বাবে কেমেৰুণৰ প্ৰধানমন্ত্রী ফিলেমোন য়াঙক অভিনন্দন জনাইছে। ড০ জয়শংকৰে সামাজিক মাধ্যমযোগে কৈছে যে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ নেতৃত্ব উন্নয়নশীল দেশৰ অগ্ৰাধিকাৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ। তেওঁ লগতে কয় যে ভাৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ নতুন নেতৃত্বৰ অধীনত এই উমৈহতীয়া লক্ষ্যসমূহত উপনীত হোৱাৰ বাবে ইতিবাচক ভূমিকা পালন কৰিবলৈ বদ্ধপৰিকৰ। ইয়াৰ পূৰ্বে যোৱা ৬ জুনত ফিলেমোন য়াঙক নিউয়র্কস্থিত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত সাধাৰণ সভাত ৭৯ সংখ্যক অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হৈছিল।
Site Admin | September 13, 2024 9:11 PM | Jaysankar
ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ অধ্যক্ষ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা কেমেৰুণৰ প্ৰধানমন্ত্রী ফিলেমোন য়াঙক বিদেশ মন্ত্রী জয়শংকৰৰ অভিনন্দন
