ডাউনলোড
মোবাইল এপ

android apple
signal

September 25, 2024 7:56 PM | UN Chili

printer

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত স্থায়ী সদস্য হিচাপে ভাৰতৰ অন্তৰ্ভুক্তিৰ সপক্ষে চিলিৰ ৰাষ্ট্ৰপতিৰ মত পোষণ

চিলিৰ ৰাষ্ট্ৰপতি গেব্রিয়ল বৰিছ ফ’ণ্টে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত স্থায়ী সদস্য হিচাপে ভাৰতৰ অন্তৰ্ভুক্তিৰ সপক্ষে মত পোষণ কৰিছে। নিউয়র্কস্থিত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ ৭৯ সংখ্যক অধিবেশনৰ সাধাৰণ বিতৰ্কত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে বিষয়টোৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ কথা প্ৰকাশ কৰে । তেওঁ কয় যে, ১৯৪৫ চনত ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠা হোৱাৰ পাছৰে পৰা বিশ্বৰ ভূৰাজনৈতিক পৰিস্থিতি সলনি হৈছে। তেওঁ লগতে বৰ্তমানৰ গোলকীয় বাস্তৱিকতা প্রতিফলিত কৰিব পৰাকৈ ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদৰ সংস্কাৰৰ বাবে সময়সীমা নিৰ্ধাৰণ কৰিবলৈ আহ্বান জনায়। শ্ৰীফ’ণ্টে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰত, ব্রাজিল আৰু কমেও এখন আফ্রিকীয় ৰাষ্ট্ৰ অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ আগবঢ়ায়। ৰাজনৈতিক সদিচ্চাৰ অভাৱে সংস্থাটোৰ সংস্কাৰত অন্তৰায়ৰ সৃষ্টি কৰিছে বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনেও ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদৰ বাবে ভাৰতৰ প্ৰতি পূর্ণ সমর্থন আগবঢ়াইছে। ডেলাৱেৰত অনুষ্ঠিত কোৱাড শীৰ্ষ সন্মিলনত ভাগ লোৱাৰ সুযোগতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে হোৱা দ্বিপাক্ষিক বৈঠকৰ সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে এই বিষয়ে উল্লেখ কৰে। ৰাছিয়াইও ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত স্থায়ী সদস্য পদৰ বাবে ভাৰতৰ প্ৰতি সমর্থনৰ কথা দোহাৰিছে। দেশখনৰ বিদেশ মন্ত্ৰী চাৰ্গেই লেভৰোভে কৈছে যে, মস্কো মহলে উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ সঠিক প্ৰতিনিধিত্বৰ বাবে ভাৰত, ব্ৰাজিল আৰু এখন আফ্ৰিকীয় ৰাষ্ট্ৰই নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদ প্ৰদানৰ সমৰ্থন কৰে

অধিক পঢ়ক

সকলো চাওক